ETV Bharat / sports

বিশ্বকাপৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ বিশ্ব ৰেকৰ্ড - ODI

আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত বিশ্ব অভিলেখ ৱেষ্ট ইণ্ডিজৰ । ডবলিনত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত প্ৰথম উইকেটৰ বাবে ছাই হ'প আৰু জন কেম্পবেলৰ অভিলেখসূচক ৩৬৫ ৰান ।

বিশ্বকাপৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ বিশ্ব ৰেকৰ্ড
author img

By

Published : May 5, 2019, 11:05 PM IST

স্পৰ্টছ ডেস্ক,৫ মে': আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ৱেষ্ট ইণ্ডিজে । এদিনীয়া ক্ৰিকেটত প্ৰথম উইকেটৰ বাবে ৩৬৫ ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িলে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ ছাই হ'প আৰু জন কেম্পবেলে । মেচখনত ছাই হ'পে ১৭০ ৰান কৰাৰ বিপৰীতে কেম্পবলে ১৭৯ ৰান কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল পাকিস্তান দলৰ । ২০১৮ চনত জিম্বাৱৱেৰ বিৰুদ্ধে ইমাম উল হক আৰু ফখাৰ জামানে প্ৰথম উইকেটৰ বাবে ৩০৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ইপিনে ৱেষ্ট ইণ্ডিজৰ হৈ এই অভিলেখ আছিল ষ্টুৱাৰ্ড ৱিলিয়াম আৰু শিৱ নাৰায়ণ চন্দ্ৰপলৰ নামত । দুয়োয়ে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিছিল ২০০ ৰান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.