ETV Bharat / sports

আই পি এলত 300 ছিক্সৰ গৰাকী হ'ল ক্ৰীছ গেইল

author img

By

Published : Mar 30, 2019, 9:44 PM IST

শনিবাৰে বিস্ফোৰক বেটিঙেৰে ক্ৰীছ গেইলে আই পি এলত 300 টা ছিক্স সম্পূৰ্ণ কৰে ৷ গেইলে এইপৰ্যন্ত 302 টা ছিক্সেৰে আই পি এলত সৰ্বাধিক ছিক্স কোবোৱা খেলুৱৈ তালিকাৰ শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে এ বি ডিভিলিয়াৰ্ছ ৷

আই পি এলত ক্ৰীছ গেইলৰ 300 টা ছিক্স

স্পৰ্টছ ডেস্ক,30মাৰ্চ: আইপিএল ইতিহাসত 300 টা ছিক্স কোবাই অভিলেখ গঢ়িলে ক্ৰীছ গেইলে ৷ শনিবাৰে ম'হালিত অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা চলিত ছিজনৰ নৱম খেলখনত এই কৃতিত্বৰ গৰাকী হয় কিংছ ইলেভেন পঞ্জাৱৰ খেলুৱৈ গেইল ৷ এই পৰ্যন্ত 39 বছৰীয়া কেৰিবিয়ান ক্ৰিকেটাৰগৰাকীয়ে 115 খন আই পি এলৰ খেলত অংশ গ্ৰহণৰ বিপৰীতে 4,133 ৰান সংগ্ৰহ কৰিছে ৷ আনহাতে আই পি এলত সৰ্বাধিক ছিক্স কোবোৱা তালিকাত গেইলৰ পাচতে আছে এ বি ডিভিলিয়াৰ্ছ ৷ আৰ চি বিৰ খেলুৱৈ ডিভিলিয়াৰ্ছে 143 খন আই পি এলৰ খেলৰ বিপৰীতে মুঠ 4032 ৰান কৰি 192 টা ছিক্স কোবাইছে ৷ আৰ্চয্যকৰ কথা এই যে ক্ৰীছ গেইলে 300 টা ছিক্স কোবোৱাৰ বিপৰীতে কিন্তু এই পৰ্যন্ত আন কোনো খেলুৱৈয়ে 200 টা ছিক্সেই সম্পূৰ্ণ কৰিবলৈসক্ষম হোৱা নাই ৷ উল্লেখ্য যে, গেইলৰ বিস্ফোৰক বেটিং আৰু লোকেশ ৰাহুলৰ অপৰাজিত 71 ৰানেৰে খেলখনত কিংছ ইলেভেনে মুম্বাইক 8 উইকেটত পৰাস্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.