ETV Bharat / sports

আই পি এলত দ্ৰুততম 4000 ৰান গেইলৰ

author img

By

Published : Mar 26, 2019, 6:01 AM IST

আই পি এলৰ ইতিহাসত আন এক অভিলেখ কেৰিবিয়ান খেলুৱৈ ক্ৰীছ গেইলৰ ৷ আই পি এলত দ্ৰুততম 4000 ৰান কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল গেইল ৷

গেইলৰ দ্ৰুততম 4000 ৰান

স্পৰ্টছ ডেস্ক, 26 মাৰ্চঃ সোমবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে এক নতুন অভিলেখগঢ়িবলৈ সক্ষম হয় কিংছ ইলেভেন পাঞ্জাৱৰ বিস্ফোৰক খেলুৱৈ ক্ৰীছ গেইলে ৷ আই পি এলত কেৰিয়াৰৰ 113 খন মেচৰ 112 টা ইনিংছত সম্পূৰ্ণ কৰিলে 4 হাজাৰ ৰান ৷ আই পি এলৰ ইতিহাসত কোনো খেলুৱৈৰ দ্বাৰাএইটো হৈছে আটাইতকৈ দ্ৰুততম 4 হাজাৰ ৰান ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল বৰ্তমানৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ ডেবিড ৱাৰ্ণাৰৰ নামত ৷ ৱাৰ্ণাৰে আই পি এলৰ 114 টা ইনিংছত সম্পূৰ্ণ কৰিছিল নিজৰ আই পি এলৰ 4000 ৰান ৷

আই পি এলৰ দ্বাদশ সংস্কৰণৰ চতুৰ্থখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 47 বলত বিস্ফোৰক 79 ৰান কৰিবলৈ সক্ষম হয় গেইলে ৷ গেইলৰ এই বিস্ফোৰক ইনিংছৰ ফলতেই 14 ৰানৰ বিজয় সাব্যস্ত কৰে পাঞ্জাৱে ৷ মেচখনত মেন অফ দ্য মেচৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় গেইল৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.