স্পৰ্টছ ডেস্ক,১২ মাৰ্চ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলি আছে এদিনীয়া শৃংখলা । ইতিমধ্যে হৈ যোৱা দুখন খেলত প্ৰতিটো দলে এখনকৈ খেলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । কিন্তু তৃতীয় খেলত ভাগ্যই লগ নিদিলে ভাৰতীয় দলটোক । শুকুৰবাৰে অনুষ্ঠিত এই খেলখনত ডাকৱৰ্থ/লুইছ পদ্ধতিৰ জৰিয়তে ৬ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো ।
-
Lizelle Lee scores an unbeaten ton as South Africa win the 3rd @Paytm #INDWvSAW ODI by 6 runs (DLS method) & go 2-1 up in the series.#TeamIndia will look to bounce back & win the fourth ODI to level the series.
— BCCI Women (@BCCIWomen) March 12, 2021 " class="align-text-top noRightClick twitterSection" data="
Scorecard 👉 https://t.co/6XTBe5rVXF pic.twitter.com/3ukXzPUITX
">Lizelle Lee scores an unbeaten ton as South Africa win the 3rd @Paytm #INDWvSAW ODI by 6 runs (DLS method) & go 2-1 up in the series.#TeamIndia will look to bounce back & win the fourth ODI to level the series.
— BCCI Women (@BCCIWomen) March 12, 2021
Scorecard 👉 https://t.co/6XTBe5rVXF pic.twitter.com/3ukXzPUITXLizelle Lee scores an unbeaten ton as South Africa win the 3rd @Paytm #INDWvSAW ODI by 6 runs (DLS method) & go 2-1 up in the series.#TeamIndia will look to bounce back & win the fourth ODI to level the series.
— BCCI Women (@BCCIWomen) March 12, 2021
Scorecard 👉 https://t.co/6XTBe5rVXF pic.twitter.com/3ukXzPUITX
উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰি পুনম ৰাৱটৰ ১০৮ ৰাণৰ সহযোগেৰে ৫০ অ'ভাৰৰ অন্তত ২৪৮ ৰাণৰ লক্ষ্য ৰাখিছিল দক্ষিণ আফ্ৰিকাৰ সন্মুখত । পৰৱৰ্তী ইনিংছত দক্ষিণ আফ্ৰিকাৰ হৈ লী ষ্ট্ৰাকে ১৩২ ৰাণেৰে ৪৭ অ'ভাৰত ২২৩ ৰাণ সংগ্ৰহ কৰে যদিও বৰষুণৰ বাবে খেল স্থগিত ৰাখিব লগীয়া হয় । আনহাতে সেই সময়ত দক্ষিণ আফ্ৰিকাৰ দলটো ডি/এল পদ্ধতিৰ জৰিয়তে ৬ ৰাণ পিছ পৰি আছিল ।
ভাৰতৰ হৈ জ্যেষ্ঠ পেচাৰ জুলন গোস্বামীয়ে ২০ ৰাণ দি ২ উইকেট দখল কৰিবলৈ সক্ষম হয় আৰু ক্ৰমে ৰাজেশ্বৰী গাইকোৱাডে ৩৯ ৰাণ দি ১ টা উইকেট আৰু দিপ্তী শৰ্মা ৩৯ ৰাণ দি ১ উইকেট লাভ কৰে ।
ইফালে ভাৰতীয় দলৰ এয়া প্ৰথম ইনিংছত সৰ্বাধিক স্ক'ৰ আছিল য'ত পৰাজয় হ'বলগীয়া হয় দলটো । দুয়োটা দলে ৫ খনীয়া শৃংখলাটোৰ চতুৰ্থখন খেলৰ বাবে মুখামুখি হ'ব দেওবাৰে ।
লগতে পঢ়ক:10,000 ৰাণ সংগ্ৰহ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজ