ETV Bharat / sports

ভাৰত বনাম নিউজিলেণ্ড T20I : ভাৰতীয় দলক নেতৃত্ব দিব পাৰে কে এল ৰাহুলে ! - কে এল ৰাহুল

T-20 বিশ্বকাপ অন্ত হোৱাৰ পাচতেই তিনিখনকৈ টি-20 আন্তঃৰাষ্ট্ৰীয় আৰু দুখন টেষ্ট মেছত ভাৰতৰ মুখামুখী হ’ব কিৱি বাহিনী ৷ কিন্তু এই মেছকেইখনৰ পূৰ্বে ভাৰতীয় দলটোৰ অধিনায়কৰ বাবে চৰ্চিত হৈছে কে এল ৰাহুলৰ নাম ৷

Ind vs NZ, T20Is: Rahul likely to lead, some senior players to be rested?
ভাৰত বনাম নিউজিলেণ্ড T20I: ভাৰতীয় দলক নেতৃত্ব দিব পাৰে কে এল ৰাহুলে !
author img

By

Published : Nov 2, 2021, 4:28 PM IST

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ : T-20 বিশ্বকাপত ভাৰতীয় দলটোৰ প্ৰদৰ্শন যথেষ্ট উন্নত নহ’লেও বৰ্তমানলৈকে আশাপ্ৰদ হৈ আছে ৷ কিন্তু কিছু জ্যেষ্ঠ খেলুৱৈয়ে নিউজিলেণ্ডৰ বিপৰীতে অনুষ্ঠিত হ’বলগীয়া T-20I শৃংখলা খেলাৰ পৰা বিৰত থকাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে ৷ শেহতীয়া প্ৰদৰ্শনলৈ চালে এই শৃংখলাত কে এল ৰাহুলে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ বুলি সম্ভাৱনা প্ৰকট হোৱা দেখা গৈছে ৷

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অধিনায়কৰ পদৰ বাবে ৰাহুলৰ নাম চৰ্চালৈ আহিছে ৷ সূত্ৰটোৱে কয় যে, "জ্যেষ্ঠসকলক বিৰতিৰ প্ৰয়োজন আৰু এয়া কোনো গোপন কথা নহয় যে, দলটোৰ টি20 ফৰ্মেটৰ তেওঁ এটা গুৰুত্বপূৰ্ণ অংশ ৷ গতিকে তেওঁ দলক নেতৃত্ব দিয়াটো প্ৰায় নিশ্চিত ৷ "

আনহাতে, যোৱা দেওবাৰে কিৱি বাহিনীৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাগৰৰ বিষয়টো সন্দৰ্ভত আলোকপাত কৰে জছপ্ৰীত বুমৰাহে ৷

তেওঁ কয় যে, "কেতিয়াবা আমাক বিৰতিৰ প্ৰয়োজন হয় ৷ কেতিয়াবা আপুনি নিজৰ পৰিয়ালৰ লোকক মনত পেলায় ৷ প্ৰায় ছমাহ ধৰি আপুনি এই পথত আছে ৷ গতিকে কেতিয়াবা আপুনৰ মন-মগজুত এইসমূহ কথাই ক্ৰিয়া কৰি থাকে ৷ কিন্তু যেতিয়া আপুনি পথাৰত থাকে তেতিায় আপুনি এইসমূহ কথা চিন্তা নকৰে ৷ আপুনি বহু কথা নিয়ন্ত্ৰণ নকৰে যেনে সময়সূচী কেনেদৰে চলি থাকে বা কেতিয়া কি টুৰ্ণামেণ্ট খেলা হয় ৷"

বুমৰাহে লগতে কয় যে, ‘‘নিশ্চিতভাৱে এটা bubbleৰ ভিতৰত থকা আৰু ইমান দীঘলীয়া সময়ৰ বাবে আপোনাৰ পৰিয়ালৰ পৰা আঁতৰি থকাটোৱে খেলুৱৈজনৰ মনতো এক ভূমিকা পালন কৰে । কিন্তু তেওঁলোকেও আমাক আৰামদায়ক অনুভৱ কৰাবলৈ যথাসাধ্য চেষ্টা কৰিছে । কিন্তু এইটোৱেই সময় য'ত আমি এতিয়া বাস কৰি আছো । এইটো এটা কঠিন সময় । এটা মহামাৰী চলি আছে । গতিকে আমি খাপ খুৱাবলৈ চেষ্টা কৰোঁ । কিন্তু কেতিয়াবা আমি একেটা কামকে বাৰে বাৰে কৰি মানসিকভাৱে অৱস হৈ পৰোঁ’’ ।

উল্লেখ্য যে, নিউজিলেণ্ডে তিনিখন টি20 আন্তঃৰাষ্টীয় আৰু দুখন টেষ্টত ভাৰতৰ মুখামুখী হ’ব ৷ টি20 আন্তঃৰাষ্টীয় কেইখন 17 নৱেম্বৰত জয়পুৰত, 19 নৱেম্বৰত ৰাচী আৰু 21 নৱেম্বৰত কলকাতা আনুষ্ঠিত হ’ব ৷ আনহাতে, টেষ্ট মেছদুখন কাণপুৰ (25ৰ পৰা 29 নৱেম্বৰ) আৰু মুম্বাই (3ৰ পৰা 7 নৱেম্বৰ)ত অনুষ্ঠিত হ’ব ৷

এই সন্দৰ্ভত বি চি চি আইৰ বিষয়ববীয়াই কয় যে, "শৃংখলাটোত দৰ্শকক অনুমতি প্ৰদান কৰা হ’ব যদিও সম্পূৰ্ণ দৰ্শকৰ অনুমতি প্ৰদান কৰা নহয় ৷ আমি স্থানীয় কৰ্তৃপক্ষৰে এই সন্দৰ্ভত সুক্ষ্মভাৱে কাম কৰিম আৰু আগুৱাই যোৱাৰ পৰিকল্পনা কৰিম ৷"

লগতে পঢ়ক : টি২০ বিশ্বকাপ: ডুবাইত ষ্টেডিয়ামৰ বাহিৰত ভিৰৰ আচৰণৰ তদন্ত বিচাৰিছে ICCএ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.