ETV Bharat / sports

আইচিচি 'প্লেয়াৰ অব দ্যা মান্থ' বঁটাৰ বাবে মনোনীত ভুৱনেশ্বৰ কুমাৰ - Bhuvneshwar nominated

ভুৱনেশ্বৰ কুমাৰৰ উপৰিও পুৰুষৰ শাখাত আছে আফগানিস্তানৰ লেগ স্পিনাৰ ৰাশ্বিদ খান আৰু জিম্বাৱেৰ ছিন উইলিয়ামছ । মহিলা শাখাত মনোনীত সকলৰ ভিতৰত আছে ভাৰতৰ ৰাজেশ্বৰী গায়কৱাড, দক্ষিণ আফ্ৰিকাৰ লিজেল লী আৰু ভাৰতৰ পুনম ৰাউত ।

আইচিচি 'প্লেয়াৰ অব দ্যা মান্থ' বঁটাৰ বাবে মনোনীত ভুৱনেশ্বৰ কুমাৰ

author img

By

Published : Apr 8, 2021, 4:41 PM IST

স্পৰ্টছ ডেস্ক,৮ এপ্ৰিল: ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ খেলত অসাধাৰণ প্ৰদৰ্শনৰ পিছত মাৰ্চ মাহৰ বাবে আইচিচি 'প্লেয়াৰ অব দ্যা মান্থ' বঁটাৰ বাবে মনোনীত ক্ৰিকেটাৰ সকলৰ ভিতৰত আছে ভাৰতৰ ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰ । সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক স্বীকৃতি দিবলৈ আইচিচিয়ে বৃহস্পতিবাৰে মনোনীত সকলৰ নাম ঘোষণা ।

ভুৱনেশ্বৰ কুমাৰৰ উপৰিও পুৰুষৰ শাখাত আছে আফগানিস্তানৰ লেগ স্পিনাৰ ৰাশ্বিদ খান আৰু জিম্বাৱেৰ ছিন উইলিয়ামছ । মহিলা শাখাত মনোনীত সকলৰ ভিতৰত আছে ভাৰতৰ ৰাজেশ্বৰী গায়কৱাড, দক্ষিণ আফ্ৰিকাৰ লিজেল লী আৰু ভাৰতৰ পুনম ৰাউত।

  • Who's your ICC Men's Player of the Month for March?

    Sean Williams 🇿🇼 264 Test runs at 132, 2 centuries
    Rashid Khan 🇦🇫 11 Test wickets at 25; 6 T20I wickets at 12.6
    Bhuvneshwar Kumar 🇮🇳 6 ODI wickets at 22.5; 4 T20I wickets at 28.7

    Vote here 👉 https://t.co/cf06lbaFnA#ICCPOTM pic.twitter.com/oVw0Bssg2y

    — ICC (@ICC) April 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা মাহত ভুৱনেশ্বৰে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলিছিল য'ত তেওঁৰ ৬ টা উইকেটৰ সৈতে ইকোন'মি ৰেট আছিল ৪.৬৫ । পৰৱৰ্তী সময়ত পাঁচখন টি-২০ খেলত তেওঁ ৬.৩৮ ইকোন'মি হাৰৰ সৈতে ৪ টা উইকেট ল'বলৈ সক্ষম হৈছিল ।

আনহাতে ৰাশ্বিদ খানে যোৱা মাহত ১১ টা উইকেট দখল কৰে আৰু তেওঁৰ দলে জিম্বাৱেৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত জয় লাভ কৰে । আনহাতে তেওঁ টি-২০ত ছয়টা উইকেট লাভ কৰে । জিম্বাৱেৰ উইলিয়ামছে আফগানিস্তানৰ বিৰুদ্ধে দুখন টেষ্ট খেলিছিল য'ত তেওঁ মুঠ ২৬৪ ৰাণ সংগ্ৰহ কৰিছিল আৰু ২ টা উইকেট দখল কৰিছিল। তেওঁ তিনিখন টি-২০ত ১২৮.৫৭ ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে ৪৫ ৰাণ সংগ্ৰহ কৰিছিল ।

মহিলা ক্ৰিকেটত ৰাজেশ্বৰীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন এদিনীয়া খেলিছিল আৰু আগশাৰীৰ উইকেট সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছে । তেওঁ এদিনীয়াত ৩.৫৬ ৰ ইকোন'মি ৰেটৰ সৈতে ৮ টা উইকেট দখল কৰিছিল আৰু তিনিখন টি-২০ত তেওঁ ৪.৭৫ ৰ ইকোন'মি ৰেটৰ সৈতে ৪ টা উইকেট দখল কৰিছিল ।

ভাৰতীয় দলৰে পুনম ৰাউতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন এদিনীয়া খেলিছিল য'ত তেওঁ ৭১.৬৬ ষ্ট্ৰাইক ৰেটৰ সৈতে মুঠ ২৬৩ ৰাণ সংগ্ৰহ কৰিছিল । ৰাউতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছে । আনহাতে এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰিছে ।

দক্ষিণ আফ্ৰিকাৰ লিজেলে ভাৰতৰ বিৰুদ্ধে চাৰিখন এদিনীয়া খেলিছিল য'ত তেওঁ এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰি আইচিচি বেটিং ৰেংকিঙৰ শীৰ্ষস্থানলৈ যাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান ওছেইন বল্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.