স্প’ৰ্টছ ডেস্ক, 14 ছেপ্তেম্বৰ : 2022 বৰ্ষৰ জুলাইত ইংলেণ্ড ভ্ৰমণৰ সময়ত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ সৈতে দুখন অতিৰিক্ত টী20 খেলাৰ বাবে প্ৰস্তাৱ লাভ কৰা বুলি জানিবলৈ দিছে BCCI য়ে ৷ ক’ভিড 19 মহামাৰীৰ বাবে মানচেষ্টাৰ টেষ্ট (Manchester Test) বাতিল হোৱাৰ ফলত ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে (England and Wales Cricket Board) সন্মুখীন হোৱা লোকচানৰ ক্ষতিপুৰণৰ বাবে BCCI য়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
BCCI ৰ সম্পাদক জয় শ্বায়ে কয়, প্ৰস্তাৱত সন্মতি প্ৰদান কৰা হ’ব ৷ যদিহে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে পঞ্চম টেষ্টৰ ওপৰত অচলাৱস্থাৰ সৌহাদ্যপূৰ্ণ সমাধান কৰিবলৈ সন্মত হয় ৷
"এইটো সঁচা যে আমি অহা বছৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত দুখন অতিৰিক্ত টী20 খেলাৰ প্ৰস্তাৱ লাভ কৰিছো ৷ তিনিখন টী20 ৰ বিপৰীতে আমি পাঁচখন টী20 খেলিম ৷ ইয়াৰ বিপৰীতে আমি এখন one-off টেষ্ট খেলাৰ বাবে আগ্ৰহী ৷ এতিয়া এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব ৷ তেওঁলোকে এই প্ৰস্তাৱত সমৰ্থন জনায় নে নাই"- শ্বাহে সাংবাদিকৰ আগত এনেদৰে কয় ৷
ইংলেণ্ডৰ এক সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি, পুনৰ নিৰ্ধাৰিত টেষ্টৰ প্ৰস্তাৱ এতিয়াও আছে ৷ অৱশ্যে প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰসাৰিত বাজেটত 40 নিযুত পাউণ্ডৰ সাম্ভাব্য হ্ৰাসত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা প্ৰস্তাৱটো পুনৰ নিৰ্ধাৰিত টেষ্টৰ পৰিৱৰ্তে হ’ব ৷
প্ৰাপ্ত তথ্য অনুসৰি, BCCI য়ে এখন টেষ্ট নে দুখন অতিৰিক্ত টী20 অনুষ্ঠিত কৰিব এই সিদ্ধান্ত ECB ৰ ওপৰত এৰি দিছে ৷ যদি ECB য়ে টেষ্ট খেলিবলৈ সন্মতি প্ৰদান কৰে, তেন্তে এইখন হ’ব শৃংখলাটোৰ পঞ্চমখন মেছ যিখন বাতিল কৰা হৈছিল ৷
লগতে পঢ়ক : অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?