ETV Bharat / sports

IND vs WI 2023 : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা - Indian team

অহা মাহত ৱেষ্ট ইণ্ডিজত হ'বলগীয়া ৫ খন টি-২০ৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । হায়দৰাবাদৰ বাওঁহাতৰ বেটছমেন তিলক বাৰ্মা প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হৈছে এই দলত । বিৰাট কোহলী আৰু ৰোহিত শৰ্মা নাথাকিব দলটোত ।

IND vs WI 2023
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা
author img

By

Published : Jul 6, 2023, 11:04 AM IST

স্পৰ্টছ ডেস্ক,৬ জুলাই : অহা ৩ আগষ্টৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব টি-২০ শৃংখলা । দুয়োটা দলে ৫ খন টি-২০ মেচ খেলিব । তাৰ প্ৰাকক্ষণত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় দল ঘোষণা কৰা হৈছে । ভাৰতীয় টি-২০ দলটোত মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিভাশালী বাওঁহাতৰ বেটছমেন তিলক বাৰ্মা হ'ব একমাত্ৰ নতুন মুখ হ'ব । ভাৰতীয় টি-২০ দলটোৰ নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই । জ্যেষ্ঠ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এই দলত দেখা নাযাব । ইয়াৰ দ্বাৰা দুয়োগৰাকী খেলুৱৈক ক্ৰমান্বয়ে চুটি ফৰ্মেটৰ পৰা বাদ দিয়া হৈছে যেন অনুমান কৰা হৈছে ।

হায়দৰাবাদৰ বাওঁহাতৰ বেটছমেন তিলক বাৰ্মাক যোৱা দুটা ছিজনত মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ হিচাপে দেখা গৈছে । আইপিএলত ৪৭ খন মেচত ১৪২ তকৈ অধিক ষ্ট্ৰাইক ৰেট আছে তিলকৰ । অজিত আগাৰকাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় নিৰ্বাচক পেনেল নিশ্চয় তেওঁৰ আক্ৰমণাত্মক বেটিঙৰ দ্বাৰা আকৰ্ষিত হৈছে ।

আশা কৰা হৈছিল যদিও কলকাতা নাইট ৰাইডাৰ্ছৰ বাওঁহাতৰ বেটছমেন ৰিংকু সিঙে দলত স্থান লাভ কৰিব নোৱাৰিলে । যিহেতু সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছন মিডল অৰ্ডাৰত আছে । সেয়েহে এই স্থানসমূহত আন খেলুৱৈক স্থান দিয়াটো সম্ভৱ নহয় । ফাষ্ট বলাৰ আৱেশ খান আৰু লেগ স্পিনাৰ ৰবি বিষ্ণোই হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যাৱৰ্তন কৰা দুগৰাকী খেলুৱৈ । দলটোত তিনিজন ৰিস্ট স্পিনাৰ আছে, যাৰ ভিতৰত আছে কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহালো ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটো :

ঈশান কিষাণ (উইকেট কীপাৰ), শুভমান গিল, যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (উপ-অধিনায়ক), সঞ্জু চেমচন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), অক্সৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৰবি বিষ্ণোই, অৰ্শ্বদ্বীপ সিং, উমৰণ মালিক, আৱেশ খান, মুকেশ কুমাৰ ।

লগতে পঢ়ক :BCCI Selection Committee Chairman : অজিত আগৰকাৰ বিচিচিআইৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ নিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.