ETV Bharat / sports

ছিৰাজৰ পেচ ধুমুহাত তচনচ প্ৰ’টিয়াৰ্ছ; দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত 55 ৰাণত অল আউট দঃ আফ্ৰিকা - IND VS SA Test series

IND VS SA 2nd Test: প্ৰথম টেষ্টত দঃ আফ্ৰিকাৰ হাতত ধৰাশায়ী হোৱাৰ পিচত দ্বিতীয় টেষ্টত উভতি আক্ৰমণ কৰিছে ৰোহিত বাহিনীয়ে ৷ দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দঃ আফ্ৰিকাক 55 ৰাণতে অল আউট কৰিলে ভাৰতে ৷

IND VS SA 2nd Test Match
IND VS SA 2nd Test Match
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 3:59 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ বুধবাৰৰ পৰা কেপ টাওনত অনুষ্ঠিত হৈছে ৷ দঃ আফ্ৰিকাৰ অধিনায়ক ডীন এলগাৰে টচত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পিচত ভাৰতীয় দলে দ্বিতীয় টেষ্টত জয়ী হোৱাৰ লক্ষ্যৰে খেলপথাৰত নমা দেখা যায় ৷

এইখন মেচত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ ৰূপত ডীন এলগাৰক দেখা গৈছে । এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে পৰাস্ত হৈছিল, তাৰ পিছত ভাৰত শৃংখলাত ১-০ ৰ ব্যৱধানত পিছ পৰি আছে । এতিয়া ৰোহিত বাহিনীয়ে এইখন মেচত জয়ী হৈ শৃংখলাটোত ১-১ ত সমতা স্থাপন কৰাৰ সুযোগ বিচাৰিব । ইফালে দক্ষিণ আফ্ৰিকায়ো এই মেচখনত জয়ী হৈ ভাৰতক ক্লীন ছুইপ কৰিব বিচাৰিব ।

ইতিমধ্যে খেলখনৰ প্ৰথম ইনিংছৰ অন্ত পৰিছে ৷ দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বলাৰে যাদুকৰী প্ৰদৰ্শনেৰে দঃ আফ্ৰিকাক 55 ৰাণতে অল আউট কৰে ৷ টপ অৰ্ডাৰৰ কোনো এগৰাকী প্ৰ’টিয়াৰ্ছ বেটছমেনে ৰাণ সংখ্যাত দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে ৷ মাত্ৰ দুই মিডল অৰ্ডাৰ বেটছমেন ডেভিদ বেডিংহামে 12 আৰু কাইল ভেৰেইনে 15 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ মঃ ছিৰাজে 9 অভাৰত মাত্ৰ 15 ৰাণ খৰচ কৰি 6 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ মুকেশ কুমাৰ আৰু যশপ্ৰীত বুমৰাহেও 2 টাকৈ উইকেট দখল কৰে ৷

ভাৰত-দক্ষিণ আফ্ৰিকা হেড টু হেড: এতিয়ালৈকে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৪৩ খন টেষ্ট মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভাৰতে ১৫খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১৮ খন মেচত জয়লাভ কৰিছে । এই দুয়োটা দলৰ মাজত ১০ খন মেচ ড্ৰ’ হৈছে ।

ভাৰত - ৰোহিত শৰ্মা (C), যশস্বী জয়ছৱাল, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, মুকেশ কুমাৰ ৷

দঃ আফ্ৰিকা- ডীন এলগাৰ (C), এইডেন মাৰ্ক্ৰাম, টনি ডি জৰ্জি, ট্ৰিষ্টান ষ্টাবছ, ডেভিদ বেডিংহাম, কাইল ভেৰেইন (Wk), মাৰ্কো জান্সেন, কেশৱ মহাৰাজ, কাগিছ’ ৰাবাডা, নন্দ্ৰে বাৰ্গাৰ, লুংগি এংগিডি ৷

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৰমনপ্ৰীত বাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.