ETV Bharat / sports

India vs Pakistan T20 World Cup 2022 : ২২ গজৰ ৰণত ভাৰত আৰু পাকিস্তান - Asia Cup 2022

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হ'ব হাইভল্টেজ খেলখন (IND vs PAK T20 World Cup match)। দুয়োটা দলৰ বাবে চুপাৰ-১২ৰ প্ৰথম খেল । দুয়োটা দলেই খেলখনত জয়ী হোৱাৰ প্ৰয়াস কৰিব । ভাৰতীয় দলটোত কোন কোন খেলুৱৈ থাকিব ?

India vs Pakistan T20 World Cup 2022
২২ গজৰ ৰণত ভাৰত আৰু পাকিস্তান
author img

By

Published : Oct 23, 2022, 1:06 PM IST

Updated : Oct 23, 2022, 1:28 PM IST

স্পৰ্টছ ডেস্ক,২৩ অক্টোবৰ : ২২ গজৰ যুঁজত পুনৰ ভাৰত মুখামুখি হ'ব পাকিস্তানৰ (IND vs PAK)। কেৱল ভাৰত আৰু পাকিস্তানৰেই নহয় সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমী গভীৰ উৎকণ্ঠাৰে ৰৈ আছে এই বিশেষ মুহূৰ্তলৈ । দেওবাৰে মেলবৰ্ণৰ খেলপথাৰত দুয়োটা দল সংঘৰ্ষৰ বাবে সাজু হৈছে (T20 World Cup 2022)। দুয়োটা দলেই বিৰোধী শিবিৰক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ।

টচৰ সময়ত দুয়োগৰাকী অধিনায়কে তেওঁলোকৰ অন্তিম ১১ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিব । নিশ্চিতভাৱে এই হাইভল্টেজ খেলখনৰ বাবে অপেক্ষা এতিয়া লাখ লাখ ক্ৰীড়াপ্ৰেমীৰ ।

পৰিসংখ্যালৈ চালে যোৱা কেইবছৰমানত ভাৰত বনাম পাকিস্তানৰ খেলসমূহত ভাৰতৰ আধিপত্য বেছি আছে । অৱশ্যে পাকিস্তানে যোৱা বছৰ টি-২০ বিশ্বকাপত গ্ৰুপ মেচত ভাৰতক ১০ উইকেটত পৰাস্ত কৰিছিল আৰু ভাৰত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল (T20 World Cup Ind vs Pak last match)। ভাৰতীয় দলটোৱে যোৱা বছৰৰ ভুলৰ পুনৰাবৃত্তি সম্ভৱত নকৰিব লগতে প্ৰতিশোধ লোৱাৰো চেষ্টা কৰিব ।

শেহতীয়াকৈ এছিয়া কাপত দুয়োটা দল মুখামুখি হৈছিল (Asia Cup 2022)। প্ৰথমখন খেলত ৰোহিত শৰ্মাৰ দল জয়ী হৈছিল যদিও দ্বিতীয়খন খেল বাবৰৰ দল জয়ী হৈছিল । অৱশ্যে এছিয়া কাপৰ পাছত ভাৰতীয় দলটো সুন্দৰ ফৰ্ম দেখুৱাইছে । অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাও জয়ী হৈছে ভাৰতীয় দলটো । ইয়াৰ মাজতে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিৰ পাছতো টীম ইণ্ডিয়াই ছামীক ডেথ অভাৰৰ বলিঙৰ বাবে সাজু কৰাত ব্যস্ত আছে ।

India vs Pakistan T20 World Cup 2022
২২ গজৰ ৰণত ভাৰত আৰু পাকিস্তান

অসুস্থ আছিল যদিও পাকিস্তানৰ দ্ৰুত বলাৰ শ্বাহিন আফ্ৰিদি খেলখনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠাত পাকিস্তানী খেলুৱৈসকলৰো মনোবল বাঢ়িছে । শ্বাহিনে আফগানিস্তানৰ বিৰুদ্ধে অনুশীলন খেলখনত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । অৱশ্যে, পাকিস্তানৰ বাবে একমাত্ৰ চিন্তা হৈছে তেওঁলোকৰ মধ্যক্ৰমৰ অৱনতি । ফখৰ জামান, খুছদিল শ্বাহ, শান মাছুদ আৰু ইফতিখাৰ আহমেদৰ দৰে খেলুৱৈসকল শেহতীয়াকৈ ভাল ফৰ্মত নাই আৰু যেতিয়াই বাবৰ আৰু মহম্মদ ৰিজৱান দুয়ো আউট হয় তলৰ খেলুৱৈসকলে সেই শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় । খেলখনৰ পূৰ্বে, বাবৰে ইতিমধ্যে নিশ্চিত কৰিছে যে ফখৰ জামান খেলখনৰ বাবে দলত নাথাকিব । কিয়নো ফখৰ সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই ।

  • যোৱা পাঁচখন খেলৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে, দুয়োটা দলে মাত্ৰ এখনকৈ খেলত পৰাস্ত হৈছে আৰু বাকী ৪ খনকৈ খেলত জয়ী হৈছে ৷
  • পাকিস্তানৰ শীৰ্ষ ৬ গৰাকী বেটছমেনৰ সকলো সোঁ-হাতৰ খেলুৱৈ, যাৰবাবে ভাৰতে আৰ অশ্বিনক বাছনি কৰিব পাৰে । কিয়নো এই বছৰৰ টি-২০ খেলত বাবৰ আজম (ষ্ট্ৰাইক ৰেট ১১৪.২৮) আৰু মহম্মদ ৰিজৱান (১১২.৩২) অফ স্পিনৰ বিৰুদ্ধে বিশেষভাৱে অসুবিধাত পৰিছে । বাবৰক অফ স্পিনাৰে ৩৫ টা বলত ৪ বাৰ আউট কৰিছে ।
  • দীনেশ কাৰ্তিকে ১২ বছৰতকৈও অধিক সময় অপেক্ষাৰ অন্তত টি-২০ বিশ্বকাপৰ খেলখনত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । তেওঁ শেষবাৰৰ বাবে ২০১০ চনৰ এই টুৰ্ণামেণ্টত ছেইণ্ট লুচিয়াত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছিল ।
  • ২০০৭ চনত খেলা প্ৰথমখন টি-২০ বিশ্বকাপত দীনেশ কাৰ্তিক আৰু ৰোহিত শৰ্মা ভাৰতৰ দলৰ অংশ আছিল, য'ত বৰ্তমানৰ পাকিস্তান দলৰ কোনো সদস্য নাছিল আৰু ভাৰতে পাকিস্তানক পৰাস্ত কৰি সেই প্ৰতিযোগিতাখনত জয়ী হৈছিল ।

লগতে পঢ়ক :T20 World Cup 2022 : প্ৰথমখন খেলতে নিৰাশ অষ্ট্ৰেলিয়া

Last Updated : Oct 23, 2022, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.