ETV Bharat / sports

IND vs AUS 4th Test : দৰ্শকৰ ৰূপত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়

author img

By

Published : Mar 9, 2023, 11:23 AM IST

ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ এই খেলখনত জয়ী হ'ব লাগিব । অৱশ্যে অন্তিম খন খেলৰ পৰা উৎসাহ বাঢ়িছে অষ্ট্ৰেলিয়াৰ । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অতি ৰোমাঞ্চকৰ খেল (AUS vs IND test match)। এই খেল উপভোগ কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়ে ।

IND vs AUS 4th Test
দৰ্শকৰ ৰূপত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়

স্পৰ্টছ ডেস্ক,৯ মাৰ্চ : আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত (Narendra Modi Cricket Stadium) বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচ । ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন তথা অন্তিমখেলত ইতিমধ্যে টছত জয়ী হৈ অষ্ট্ৰেলিয়াই বেটিং কৰিছে (Border Gavaskar Trophy)।

এই গুৰুত্বপূৰ্ণ খেলখন উপভোগ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছে (PM Modi and AUS PM enjoy test match)। দুয়োগৰাকী প্ৰধানমন্ত্ৰীকে বিচিচিআইয়ে ব্যাপক আদৰণি জনায় । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিচিচিআইৰ মুৰব্বী ৰজাৰ বিন্নীয়ে আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক বিচিচিআইৰ সচিব জয় শ্বাহে সম্বৰ্ধনা জনায় ।

ইফালে টছৰ সময়ত দুয়োটা দলৰ অধিনায়কসকলে নিজৰ মন্তব্যৰ সময়ত বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে (Australia win toss elect to bat against India)। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কোৱা মতে টছ জয়ী হ'লে ভাৰতেও বেটিং কৰিলেহেতেন । অৱশ্যে এতিয়াও কি কৰিব লাগিব তেওঁ ভালদৰে জানে । খেলখনত চিৰাজক বিশ্ৰাম দিয়া হৈছে আৰু মহম্মদ ছামী পুনৰ দললৈ ঘূৰি আহিছে । কিছুমান বিষয়ত মনোযোগ দিবলৈ দলটোক পুনৰ সন্মিলিত কৰিব লাগে । প্ৰথম তিনিখন টেষ্টৰ দৰে এইখন পিটছ নহয় । তাতকৈ কিছু ভাল যেন লাগিছে বুলি ৰোহিত শৰ্মাই উল্লেখ কৰে (Rohit Sarma remarks on pitch)। তেওঁ আশা কৰা মতে পাঁচো দিনে পিটছ একেই থাকিব ।

ইফালে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লয় । দলটোৰ কোনো সালসলনি নাই বুলি তেওঁ উল্লেখ কৰে । পিটছখনৰ বিষয়ে স্মিথে কোৱা মতে তেওঁ কিছু ভাল দেখিছে আৰু ভাল উইকেট যেন তেওঁ প্ৰত্যক্ষ কৰিছে (AUS captain remarks on Modi stadium pitch)। তেওঁ দলে যোৱা খেলখনত ভাল প্ৰদৰ্শন কৰিছিল আৰু এইখনটো তেনে হোৱাই তেওঁ আশা কৰিছে ।

পিটছখন কেনেকুৱা ?

শুকান দাগ থকা পিটছখন স্পিনাৰৰ বাবে সহজ হ'ব, অৱশ্যে ঘাঁহবোৰ সমানে আছে আৰু পিটছখনৰ চাৰিওফালে বিয়পি আছে । দিনটো আগবাঢ়ি যোৱাৰ লগে লগে, ষ্ট্ৰিপে স্পিনাৰসকলক অধিক সহায় কৰিব ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, শ্ৰীকাৰ ভাৰত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, উমেশ যাদৱ ।

অষ্ট্ৰেলিয়া দল : ট্ৰেভিছ হেড, উছমান খাৱাজা, মাৰ্নাছ লাবুচাগেন, ষ্টিভেন স্মিথ (অধিনায়ক), পিটাৰ হেণ্ডচকম্ব, কেমেৰুন গ্ৰীণ, এলেক্স কেৰী (উইকেটকীপাৰ), মিচেল ষ্টাৰ্ক, টড মাৰ্ফি, মেথিউ কুহনেমান, নাথান লিয়ন ।

লগতে পঢ়ক :IND vs AUS 4th Test : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়ে উপভোগ কৰিব খেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.