ETV Bharat / sports

গোলপীয়াতকৈ ৰঙা ৰঙৰ বলৰ টেষ্ট বেছি আকৰ্ষণীয় : পেট কামিনছ

author img

By

Published : Dec 30, 2020, 1:20 PM IST

Updated : Dec 30, 2020, 1:44 PM IST

টেষ্ট ক্ৰিকেটত ব্য়ৱহাৰ কৰা ৰঙা আৰু গোলপীয়া ৰঙৰ বলকলৈ বিশেষ মন্তব্য় অষ্ট্ৰেলিয়ান পেচাৰ পেট কামিনছৰ । সকলো টেষ্টতে গোলপীয়া বলৰ ব্য়ৱহাৰৰ বাবে শ্বেন ৱাৰ্ণে কৰা আহ্বান নস্য়াৎ পেট কামিনছৰ ।

পেত কামিনছ,"গোলপীয়া বলতকৈ ৰঙৰ বলৰ টেষ্ট বেছি আকৰ্ষণীয়"

স্পৰ্টছ ডেস্ক,৩০ ডিচেম্বৰ : টেষ্ট ক্ৰিকেট ইতিহাসত গোলপীয়া ৰঙৰ বল ব্য়ৱহাৰৰ পিছতে খেলুৱৈৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলা চলি থকাৰ মাজতে অষ্ট্ৰেলিয়ান পেচাৰ পেট কামিনছে ৰঙা আৰু গোলপীয়া ৰঙৰ বলকলৈ বিশেষ মন্তব্য় কৰিছে । এডিলেইড অ'ভেলত ভাৰতৰ বিৰুদ্ধে হৈ যোৱা টেষ্টত গোলপীয়া ৰঙৰ বলেৰে অষ্ট্ৰেলিয়ান পেচাৰ জনে সুন্দৰ প্ৰদৰ্শন দেখুৱাইছিল যদিও খেলুৱৈগৰাকীৰ মতে ৰঙা বলৰ খেলত বেট আৰু বলৰ মাজত আটাইতকৈ বেছি আকৰ্ষণীয় প্ৰতিযোগিতা হয় । তেওঁৰ মতে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গোলপীয়া বলেৰে হোৱা টেষ্টখনো আকৰ্ষণীয় আছিল কিয়নো অষ্ট্ৰেলিয়ান পেচাৰে ভাৰতক ৩৬ ৰাণতে বান্ধি ৰাখিছিল । উল্লেখ যে এই খেলখনতে ভাৰতীয় খেলুৱৈ মহম্মদ শ্বামীও আঘাতপ্ৰাপ্ত হৈছিল গোলপীয়া ৰঙৰ বলৰ আঘাটত ।

শ্বেন ৱাৰ্ণৰ মতে সকলো টেষ্টতে গোলপীয়া বলৰ ব্য়ৱহাৰৰ কৰিব লাগে

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পীনাৰ শ্বেন ৱাৰ্ণে সকলো টেষ্টতে গোলপীয়া বলৰ ব্য়ৱহাৰৰ বাবে আহ্বান জনাইছিল কাৰণ তেওঁৰ মতে ২৫ অভাৰৰ পিছত বলটো ধিলা হৈ যায় । কিন্তু শ্বেন ৱাৰ্ণৰ এই আহ্বান অস্বীকাৰ কৰি দিবা-নৈশ প্ৰতিযোগীতাৰ বেছি উইকেট লাভ কৰা পেট কামিনছৰ মতে, বছৰত মাত্ৰ এখন বা দুখন খেলহে ভাল হয় গোলপীয়া বলেৰে । কামিনছৰ মতে তেওঁ এতিয়াও ৰঙা বলেৰে টেষ্ট খেলি ভাল পায় । গোলপীয়া বলেৰে বছৰত এখন বা দুখনহে খেলিব পৰা যায় বুলি কামিনছে সংবাদমেলত মন্তব্য় কৰে । গোলপীয়া বলেৰে এডিলেইড অ'ভেল খেলখন মহত্বপূৰ্ণ আছিল কিন্তু ৰঙা বলৰ খেলত বেট আৰু বলৰ মাজত আটাইতকৈ বেছি আকৰ্ষণীয় প্ৰতিযোগিতা হয় বুলি দাবী কৰে খেলুৱৈগৰাকীয়ে ।

ইফালে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন খেল ৭ জানুৱাৰীৰ পৰা ছিডনী খেলপথাৰত অনুষ্ঠিত হ'ব । এই খেলখনকলৈও উৎসাহী পেট কামিনছ । পেট কামিনছে সংবাদমেলতে কয় যে, ছিডনী খেলপথাৰত তেওঁৰ দলটোৰ ৰেকৰ্ড বহুত ভাল ।

লগতে পঢ়ক : মেছিৰ অনুপস্থিতি বাৰ্চেলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণ,ইয়াক নাকচ কৰিছে ৰ’নাল্ড কোমেনে

Last Updated : Dec 30, 2020, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.