ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া : দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত 195-ত সীমাৱদ্ধ কেংগাৰু বাহিনী

author img

By

Published : Dec 26, 2020, 2:18 PM IST

Updated : Dec 26, 2020, 3:19 PM IST

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম ইনিংছত 195 ত অল আউট অষ্ট্ৰেলিয়া ৷ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই 36 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

India vs australia 2nd test:Australia dismissed for 195, India reach 36/1 at stumps
ভাৰত বনাম অষ্ট্ৰেলিয়াঃদ্বিতীয় টেষ্ট মেছত 195ত সীমাৱদ্ধ কেংগাৰু বাহিনী

স্পৰ্টছ ডেস্ক,26 ডিচেম্বৰ : আজি ভাৰত অৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে দ্বিতীয়খন টেষ্ট মেচ ৷ টচত জয়ী হৈ প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়া দলটো মাত্ৰ 195 ৰাণতে অল আউট হয় ৷ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই 36 ৰাণ দখল কৰিবলৈ সক্ষম হয় ৷ নৱাগত শুভম গীলে চেতেশ্বৰ পুজাৰাৰ সহযোগত দলৰ হৈ 28 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় দলৰ বলিং ইউনিটেও আজিৰ খেলখনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয় ৷ জছপ্ৰীত বুমৰাহে 56 ৰাণৰ বিনিময়ত 4 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবীচন্দ্ৰন আশ্বিনে 3 উইকেট দখল কৰি কেংগাৰু বাহিনীক 195 ৰাণতে সীমাৱদ্ধ ৰাখে ৷ ইয়াৰ উপৰিও আন এগৰাকী নৱাগত মহম্মদ চিৰাজেও তেওঁৰ ওপৰত থকা বিশ্বাসত পূৰ্ণ ৰূপত ঠিয় দিয়ে ৷

আনহাতে, অষ্ট্ৰেলিয়াৰ বাবে সৰ্বোচ্চ 48 ৰাণ সংগ্ৰহ কৰে মাৰনাছ লাবুচেইনে ৷ সমান্তৰালকৈ ট্ৰেভিছ হেডে 48 আৰু মেথিউ ৱেডে 30 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই 72.3 অভাৰত 195 ৰাণত অল আউট হোৱাৰ বিপৰীতে ভাৰতে প্ৰথমটো ইনিংছত 11 অভাৰত 36 ৰাণ সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক-প্ৰশিক্ষক তুচেলৰ বিদায়ত আবেগিক ফুটবলাৰ এমবপ্পে

Last Updated : Dec 26, 2020, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.