ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ত জয়লাভ ভাৰতৰ

author img

By

Published : Dec 6, 2020, 8:41 PM IST

ভাৰত আৰু অষ্ট্ৰেলীয়াৰ মাজত দেওবাৰে চিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-20 খেলত ভাৰতে অষ্ট্ৰেলীয়াক 6 টা উইকেটত পৰাজিত কৰিবলৈ সক্ষম হয় ৷ এই মেচত জয়লাভ কৰিয়েই ভাৰতে তিনিখন মেচৰ শৃংখলাত 2-0 ৰে আগবাঢ়িবলৈ সক্ষম হৈছে ৷

india vs aus 2nd t-20
ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ত জয়লাভ ভাৰতৰ

স্পৰ্ট্চ ডেস্ক, 6 ডিচেম্বৰ : ভাৰত আৰু অষ্ট্ৰেলীয়াৰ মাজত দেওবাৰে চিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-20 খেলত ভাৰতে অষ্ট্ৰেলীয়াক 6 টা উইকেটত পৰাজিত কৰিবলৈ সক্ষম হয় ৷ এই মেচত জয়লাভ কৰিয়েই ভাৰতে তিনিখন মেচৰ শৃংখলাত 2-0 ৰে আগবাঢ়িবলৈ সক্ষম হৈছে ৷

ভাৰতে টচত জয়লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ প্ৰথম ইনিংছত কেংগেৰো দলে নিৰ্ধাৰিত 20 অভাৰ খেলি 194 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু সেই লক্ষ্যক ভেদ কৰিবলৈ ভাৰতীয় দলৰ হৈ কে.এল. ৰাহুলে 30, চঞ্জু চেমচনে 15, শিখৰ ধৱনে 52, বিৰাট কোহলীয়ে 40 আৰু হাৰ্দিক পাণ্ডিয়াই 42 ৰাণৰ অৱদান আগবঢ়ায় ৷ অন্তিম অভাৰত হাৰ্দিকৰ আকৰ্ষণীয় ছিক্সাৰৰ জৰিয়তে ৰোমাঞ্চকৰ মেচখনত জয়লাভ কৰে ভাৰতীয় দলে ৷

লগতে পঢ়ক: ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ঃ 5 উইকেটৰ বিনিময়ত 194 ৰাণ অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.