স্পৰ্টছ ডেস্ক,6 ডিচেম্বৰঃ আজি অষ্ট্ৰেলিয়াৰ চিডনী ক্ৰিকেট গ্ৰাউণ্ডত দ্বিতীয়খন টি 20ত মুখামুখী হৈছে ভাৰত আৰু অষ্ট্ৰেলয়া ৷ টছত জয়লাভ কৰি ভাৰতীয় দলৰ অধিনায়ক বিৰাটো কোহলীয়ে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷

আনহাতে, প্ৰথমতে বেটিং কৰা অষ্ট্ৰেলিয়া দলটোৱে 5 টা উইকেটৰ বিনিময়ত 194 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে ভ্ৰমণকাৰী দলটোৰ বাবে টি নটৰাজন শ্ৰেষ্ঠ বলাৰ হিচাপে চিহ্নিত হৈছে ৷ নটৰাজনে 2 টা উইকেট দখলেৰে অষ্ট্ৰেলিয়াক 20 ৰাণহে প্ৰদান কৰে ৷

প্ৰথম পাঁচটা অভাৰত অধিনায়ক ৱাদেৰ সৈতে ডি আৰ্চী চৰ্টে 47 ৰাণৰ অংশীদাৰিত্ব দেখুৱায় ৷ ৱাদেই 32 টা বলত 58 ৰাণ সংগ্ৰহণ কৰিবলৈ সক্ষম হয় ৷

ৱাদে আৰু চৰ্টৰ পিছতে স্মীথ আৰু মেক্সৱেলে দলটোক আগুৱাই নিয়াৰ দায়িত্ব লয় ৷ মেক্সৱেলে দুটা ছয়ৰে মাত্ৰ 13 টা বলত 22 ৰাণ সংগ্ৰহ কৰে ৷ সমান্তৰালকৈ স্মীথে 3 টা চাৰি আৰু 2 টা ছয়ৰে 38 বলত 46 ৰাণ সংগ্ৰহ কৰে ৷

ভাৰতীয় দলৰ বাবে টি নটৰাজনে শ্ৰেষ্ঠ প্ৰদৰ্শনৰে দুটা অতি গুৰুত্বপূৰ্ণ উইকেট ল’বলৈ সক্ষম হয় ৷ সমান্তৰালকৈ ঠাকুৰ আৰু ছহলে এটাকৈ উইকেট লাভ কৰে ৷ ইয়াৰ বিপৰীতে দীপক ছহৰ আৰপ ৱাছিংটন সুন্দৰে কোনো উইকেট লাভ কৰিবলৈ সক্ষম নহয় ৷
লগতে পঢ়ক-ভাৰত বনাম অষ্ট্ৰেলিয়া : আঘাতৰ বাবে টি-20 ছিৰিজৰ পৰা বাহিৰ জাদেজা