ETV Bharat / sports

India goes top of ODI rankings: কিৱি বাহিনীক হোৱাইট ৱাছ কৰি এদিনীয়া ক্ৰিকেট ৰেংকিঙৰ শীৰ্ষত ভাৰত - IND NZ ODI series

ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ ৷ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত শীৰ্ষ স্থানত উপনীত ভাৰত (India goes top of ODI rankings) ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে 3-0 ৰ ব্যৱধানত শৃংখলা দখল কৰি তৃতীয় স্থানৰ পৰা শীৰ্ষ স্থানলৈ উন্নীত হয় ভাৰত (India beats New Zealand in ODI series) ৷

India goes top of ODI rankings
এদিনীয়া ক্ৰিকেট ৰেংকিঙৰ শীৰ্ষত ভাৰত
author img

By

Published : Jan 24, 2023, 10:23 PM IST

নিউজ ডেস্ক, 24 জানুৱাৰী: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তিনিখনীয়া এদিনীয়া শৃংখলাত কিৱি বাহিনীক হোৱাইট ৱাছ কৰি বিজয়ৰ খিতাপ দখল ভাৰতৰ (India beats New Zealand in ODI series) ৷ পূৰ্বৰ দুয়োখন খেলতে জয়লাভ কৰি শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে আজিৰ অন্তিমখন মেচতো নিউজিলেণ্ডক 90 ৰাণত পৰাস্ত কৰে ৷ এই বিজয়েৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া ৰেংকিঙৰ তালিকাত শীৰ্ষস্থান দখল কৰে ভাৰতে (India goes top of ODI rankings) ৷ ইয়াৰ পূৰ্বে ভাৰত তৃতীয় স্থানত থকাৰ বিপৰীতে প্ৰথম স্থানত আছিল ইংলেণ্ড আৰু দ্বিতীয় স্থানত আছিল নিউজিলেণ্ড ৷

India goes top of ODI rankings
এদিনীয়া ক্ৰিকেট ৰেংকিঙৰ শীৰ্ষত ভাৰত

ইণ্ডোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে নিউজিলেণ্ডে ৷ কিন্তু ভাৰতীয় অপেনাৰদ্বয় ক্ৰমে অদিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক বেটিঙৰ আগত তিষ্ঠিব নোৱাৰিলে নিউজিলেণ্ডৰ বলাৰে (India New Zealand 3rd ODI) ৷ দুয়ো অপেনাৰে প্ৰথম উইকেটৰ যুটিত 212 ৰাণৰ এক শক্তিশালী স্থিতিত উপনীত কৰায় ভাৰতক ৷ ভাৰতৰ হৈ দুয়ো অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গীলে শতক অৰ্জন কৰে ৷

ৰোহিত শৰ্মাই 85 বল খেলি 9 টা চাৰি আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 101 ৰাণ সংগ্ৰহ কৰে ৷ একেদৰে গীলে 78 টা বল খেলি 13 টা চাৰি আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 112 ৰাণৰ বৰঙণি যোগায় ৷ হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতকেৰে দলৰ স্থিতি অধিক মজবুত কৰে ৷ নিৰ্ধাৰিত 50 অভাৰত ভাৰতে 9 টা উইকেট হেৰুৱাই 385 ৰাণ সংগ্ৰহ কৰে আৰু নিউজিলেণ্ডক জয়ৰ বাবে 386 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IND NZ ODI series) ৷

লগতে পঢ়ক: World Cup 2023 : ৰোহিত-গিলৰ যুটিয়েই শ্ৰেষ্ঠ হ'ব ভাৰতৰ বাবে !

প্ৰত্যুত্তৰত নিউজিলেণ্ডে খেল আৰম্ভ কৰি প্ৰথম অভাৰতে অপেনাৰ ফিন এলেনৰ উইকেট হেৰুৱাই ৷ আনজন অপেনাৰ ডেভনে 138 ৰাণৰ বৰঙণি আগবঢ়াই যদিও দলক জয়ী কৰাবলৈ সক্ষম নহ’ল ৷ ভাৰতৰ হৈ চাৰ্দুল ঠাকুৰ আৰু কুলদ্বীপ যাদৱে 3 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে য়ুজবেন্দ্ৰ চাহালে 2 টা উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে হায়দৰাবাদ আৰু ৰায়পুৰত অনুষ্ঠিত দুখন খেলতে ভাৰতে জয়লাভ কৰিছিল ৷ পূৰ্বে এদিনীয়া ক্ৰিকেটৰ ৰেংকিং তালিকাৰ তৃতীয় স্থানত থকা ভাৰতে নিউজিলেণ্ডক হোৱাইট ৱাছ কৰি শীৰ্ষ স্থানত উপনীত হৈছে ৷ বৰ্তমান তালিকাৰ শীৰ্ষত আছে ভাৰত, দ্বিতীয় স্থানত ইংলেণ্ড আৰু পূৰ্বে দ্বিতীয় স্থানত থকা নিউজিলেণ্ড আছে চতুৰ্থ স্থানত ৷ তৃতীয় স্থানলৈ উন্নীত হ’ল অষ্ট্ৰেলিয়া ৷

উল্লেখ্য যে, ইংলেণ্ড নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াতকৈ ভাৰতৰ মেচৰ সংখ্যা অধিক ৷ কিন্তু শ্ৰীলংকাৰ পিচত নিউজিলেণ্ডকো হোৱাইট ৱাছ কৰি তালিকাৰ শীৰ্ষলৈ যাবলৈ সক্ষম হয় ভাৰতীয় দলটো ৷ আজি খেলৰ অন্তত চাৰ্দুল ঠাকুৰক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় আৰু শুভমন গীলক প্লেয়াৰ অৱ দ্য চিৰিজ ঘোষণা কৰা হয় ৷ শুভমন গীলে হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত দ্বিশতক অৰ্জন কৰিছিল আৰু দ্বিতীয়খন খেলত 40 ৰাণ কৰি অপৰাজিত হৈ আছিল ৷

লগতে পঢ়ক: IND vs NZ ODI series : ৩ বছৰত এটাও শতক নাই ৰোহিতৰ, প্ৰতিক্ৰিয়া হিটমেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.