ETV Bharat / sports

'বিশাল ভাৰতীয় সমৰ্থকৰ সন্মুখত জয়ী হোৱাৰ মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰো'-পেট কামিন্স

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 11:04 AM IST

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ১ লাখৰো অধিক ভাৰতীয় সমৰ্থক আৰু দেশৰ কোটি কোটি অনুৰাগীক মৰ্মাহত কৰি অষ্ট্ৰেলিয়াই লৈ গ'ল বিশ্বকাপৰ ট্ৰফী । খেলৰ পাছত পেট কামিন্সে আনন্দৰ মুহূৰ্ত প্ৰকাশ কৰে । এই স্মৃতি তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলিও উল্লেখ কৰিছে ।

ICC World Cup 2023
বিশাল ভাৰতীয় সমৰ্থকৰ সন্মুখত জয়ী হোৱাৰ মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰো

স্পৰ্টছ ডেস্ক,২০ নৱেম্বৰ : ভাৰতত ১ লাখৰো অধিক ভাৰতীয় সমৰ্থকৰ সন্মুখত ভাৰতক পৰাস্ত কৰি অধিক আত্মবিশ্বাসী হৈ উঠিছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স । একেবাৰে নগণ্য সমৰ্থকৰ সন্মুখত এই গুৰুত্বপূৰ্ণ খেলখনত জয়ী হৈ আনন্দিত অধিনায়কগৰাকী ।

বিজয়ৰ পাছত সংবাদমেলত কামিন্সে কয়," আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ শীৰ্ষস্থানৰ এদিনীয়া বিশ্বকাপ জয় । বিশেষকৈ ইয়াত ভাৰতত, এনেধৰণৰ ভিৰৰ সন্মুখত । এই বছৰটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ আছিল । আমাৰ ক্ৰিকেট দলে ভাৰতত বিশ্বকাপ, এছেজ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয়ী কৰি শীৰ্ষত আছে । এই মুহূৰ্তবোৰ আমাৰ গোটেই জীৱন মনত থাকিব ।"

কামিন্সে লগতে কয়, "আপুনি চাৰি বছৰৰ পাছতহে এনে এটা সুযোগ পায় । আনকি আপোনাৰ ১০ বছৰৰ কেৰিয়াৰ থাকিলেও, আপুনি কেৱল দুবাৰ হে সুযোগ পাব পাৰে । ক্ৰিকেট বিশ্ব এই বিশ্বকাপৰ অপেক্ষাত থাকে । গতিকে, ইয়াতকৈ আৰু ভাল মুহূৰ্ত একো হ'ব নোৱাৰে । কামিন্সে স্বীকাৰ কৰিছে যে খেলৰ পুৱা তেওঁ অলপ উদ্বিগ্ন আছিল । তেওঁ খেল আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছিল । হোটেল, ৰাজপথত সকলোতে কেৱল নীলা ৰঙৰ সাগৰ অৰ্থাৎ ভাৰতৰ সমৰ্থন । অনুৰাগীয়ে মোবাইল কেমেৰা লৈ ফটো তুলিবলৈ ৰৈ আছিল । যেতিয়া তেওঁ টছৰ বাবে ওলাই গৈছিল ১ লাখ ৩০ হাজাৰ ভাৰতীয় টি-চাৰ্ট দেখিছিল । এই অভিজ্ঞতা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । শেষত তেওঁ এটি হাঁহিৰে কয় যে দিনটোৰ শেষত এটা ভাল কথা আছিল যে লোকসকলে বেছি চিঞৰা নাছিল ।

প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা সম্পৰ্কে তেওঁ কয়, "পিটছখন যথেষ্ট ভাল আছিল । যথেষ্ট লেহেমীয়া আছিল আৰু মূলতঃ কোনো বাউন্স নাছিল, কিন্তু মই নাভাবো যে প্ৰতিযোগিতাখনৰ আন কোনো ঠাইতকৈ বাউন্স ব্যতিক্ৰম আছিল । মই যিমান ভাবিছিলো সিমান টাৰ্ণ হোৱা নাছিল । খেলৰ আগৰ দিনটোলৈ শুকান যেন লাগিছিল । কিন্তু আজি তেনে নাছিল । আপুনি জানে যে বিশ্বকাপৰ খেল এখনত আপুনি প্ৰথমে বেয়া বলিং কৰিব পাৰে যিটো বেছি গুৰুত্বপূৰ্ণ নহয় । কিন্তু যদি আপুনি বেটিঙত ভুল কৰে আৰু আপুনি চাপত থাকে তেন্তে ই মাৰাত্মক হ'ব পাৰে । সেয়েহে মই অনুভৱ কৰিছিলো যে বলিং লোৱাৰ সঠিক সময় ।

আফগানিস্তানৰ বিৰুদ্ধে তেওঁ মেক্সৱেলৰ সৈতে ভাল সহায়কৰ ভূমিকা পালন কৰিছিল । সেই প্ৰদৰ্শনৰ কথা উল্লেখ কৰাৰ লগতে ফাইনেলত ট্ৰেভিছ হেডৰ ইনিংছৰ বিষয়েও তেওঁ প্ৰশংসা কৰি কয় যে হেডৰ প্ৰদৰ্শন অভূতপূৰ্ব আছিল । সংবাদমেলত তেওঁ দলৰ প্ৰশিক্ষক, খেলুৱৈ, কৰ্মচাৰী আৰু চিকিৎসকৰ দলৰো প্ৰশংসা কৰে ।

লগতে পঢ়ক :সংবাদমেলত আৱেগিক প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰশংসাৰে ওপচালে ৰোহিত বাহিনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.