ETV Bharat / sports

Cricket World Cup 2023 : অৱশেষত জয়ৰ মুখ দেখিলে কেংগাৰু বাহিনীয়ে; অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত শ্ৰীলংকা

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:21 PM IST

Updated : Oct 16, 2023, 10:30 PM IST

পেট কামিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া চলিত বিশ্বকাপৰ পূৰ্বে ফেভাৰিট আছিল । কিন্তু একেৰাহে দুখন মেচত পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়াই প্ৰথম বিজয়ৰ লক্ষ্যৰে মেচখনত অৱতীৰ্ণ হৈছে । আনহাতে, শ্ৰীলংকাই কুশল মেণ্ডিছৰ অধিনায়কত্বত পুনৰ জয়ৰ ধাৰালৈ উভতি অহাৰ লক্ষ্যৰে অৱতীৰ্ণ হয় । কিন্তু মেচখনত ৫ উইকেটত জয়লাভেৰে চলিত বিশ্বকাপত অষ্ট্ৰেলিয়াই প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰে ।

প্ৰথম মেচত জয়ৰ বাবে অষ্ট্ৰেলিয়াৰ সন্মুখত ২১০ ৰাণৰ লক্ষ্য
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ : অৱশেষত জয়ৰ মাজলৈ উভতিল অষ্ট্ৰেলিয়া । চলিত বিশ্বকাপৰ নিজৰ লীগৰ তৃতীয়খন মেচত অষ্ট্ৰেলিয়াই অনায়াসে ৫ উইকেটত জয়লাভ কৰে । লগে লগে প্ৰথম দুখন মেচত পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়াই জয়ৰ ধাৰালৈ আহে । শ্ৰীলংকাৰ ২০৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৩৫.২ অভাৰত অষ্ট্ৰেলিয়াই ২১৫ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ হৈ জছ ইংগিছে সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মিচেল মাৰ্চেও এক অৰ্ধশতকীয় ইনিংছ খেলে । শ্ৰীলংকাৰ হৈ দিলশান মাদুশাংকাই তিনিটা উইকেট দখল কৰে ।

উল্লেখেয যে প্ৰাৰম্ভিক অগ্ৰগতিৰ লাভ উঠাব নোৱাৰিলে শ্ৰীলংকাই । আনহাতে, প্ৰথম অৱস্থাত শ্ৰীলংকান বেটছমেনৰ সন্মুখত দিশহাৰা হ'লেও পুনৰ ছন্দলৈ উভতে অষ্ট্ৰেলিয়া । যাৰ বাবে মাত্ৰ ৪৩ অভাৰৰ ভিতৰতে শ্ৰীলংকান ইনিংছক সীমাবদ্ধ ৰাখে । সোমবাৰে লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে চলিত ক্ৰিকেট বিশ্বকাপৰ চতুৰ্দশখন মেচ । মেচত অৱতীৰ্ণ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া । শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিছে টছত জয়ী হৈ প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিং কৰাৰ সিদ্ধান্ত লয় । শ্ৰীলংকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২১০ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে । উল্লেখ্য যে মাত্ৰ ৮৪ ৰাণৰ ভিতৰতে শ্ৰীলংকাই ১০ উইকেট বিসৰ্জন দিয়ে ।

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ক্ৰিজত নমা শ্ৰীলংকাৰ দুই অপেনাৰ পাথুম নিশাংকা আৰু কুশল পেৰেৰাই সিংহলী দলটোক সুন্দৰ আৰম্ভণি প্ৰদান কৰে । দুয়োৱে অপেনিং উইকেটত ১২৫ ৰাণ সংগ্ৰহ কৰে । কিন্তু অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সৰ বলত ডেভিদ ৱাৰ্ণাৰৰ হাতত কেচ দি ক্ৰিজ এৰে পাথুম নিশাংকাই । পাথুম নিশাংকাই ৬৭ বলত ৬১ ৰাণ কৰি আউট হয় । আনহাতে, আনগৰাকী অপেনাৰ কুশল পেৰাৰাই ৮২ বলত ৭৮ ৰাণ কৰি বিদায় লয় । ইয়াৰ পিছতে শ্ৰীলংকাৰ ইনিংছে খোপনি হেৰুৱায় আৰু কেংগাৰু বলাৰ ছন্দলৈ উভতি আহে । অধিনায়ক কুশল মেণ্ডিছে শ্ৰীলংকাৰ ইনিংছৰ গঢ়াৰ দায়িত্ব লোৱাৰ সময়তে তেওঁকো পেভিলিয়নৰ ৰাস্তা দেখুৱায় আডাম জাম্পাই । এক দৰ্শনীয় কেচ আয়ত্ত কৰি ডেভিদ ৱাৰ্ণাৰে তেওঁক আউট কৰে । ইয়াৰ পিছত কেৱল যেন আনুষ্ঠানিকতাহে ৰক্ষা কৰিবলৈ শ্ৰীলংকান বেটছমেনসকল ক্ৰিজলৈ আহে । এটাৰ পিছত আন এটা উইকেট হেৰুৱাই শ্ৰীলংকা বেকফুটলৈ গুচি যায় ।

উল্লেখ্য যে বৰষুণৰ বাবে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামৰ মেচখন কিছু সময়ৰ বাবে বন্ধ হয় । সেই সময়ত শ্ৰীলংকাই ৩২.১ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৭৮ ৰাণ কৰিছিল । কিন্তু বৰষুণৰ পিছত মেচ আৰম্ভ হোৱাৰ প্ৰথমটো বলতে শ্ৰীলংকাৰ পঞ্চমটো উইকেটৰ পতন ঘটে । পাথুন নিশাংকা আৰু কুশল পেৰেৰাৰ পিছত একমাত্ৰ চাৰিথ আছালংকাইহে অষ্ট্ৰেলিয়ান বলাৰৰ বিৰুদ্ধে কিছু দৃঢ়তা প্ৰদৰ্শন কৰে । আছালংকাই ২৫ ৰাণ সংগ্ৰহ কৰে ।

অষ্ট্ৰেলিয়াৰ হৈ সফল বলাৰ হৈছে আডাম জাম্পা । জাম্পাই ৮ অভাৰত ৪৭ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । পেট কামিন্সে দুটা উইকেট লাভ কৰে ।

উল্লেখ্য যে অষ্ট্ৰেলিয়ান দলটোৱে এতিয়ালৈকে সামূহিকভাৱে উজলি উঠিব পৰা নাই । যাৰ ফলত কেংগাৰু বাহিনীয়ে একেৰাহে দুখন মেচত পৰাজয়ৰ মুখ দেখিবলগা হৈছে । অষ্ট্ৰেলিয়ান বলাৰসকলে সুনাম মতে কৃতকাৰ্যতা অৰ্জন কৰিলেও বেটছমেনসকলে কিন্তু এতিয়াও স্বাভাৱিক ছন্দলৈ উভতি অহা নাই ।

উল্লেখ্য যে শ্ৰীলংকাই তেওঁলোকৰ নিয়মীয়া অধিনায়ক দাচুন শনাকা অবিহনেই এই মেচত অৱতীৰ্ণ হৈছে । উৰুৰ আঘাতৰ বাবে শনাকা প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত কুশল মেণ্ডিছে বাকী মেচকেইখনত দলটোক অধিনায়কত্ব কৰিব ।

দল দুটা :

শ্ৰীলংকা : পাথুম নিশাংকা, কুশল পেৰেৰা, কুশল মেণ্ডিছ (উইকেটৰক্ষক/অধিনায়ক), চাদিৰা সামাৰাৱিক্ৰমা, চাৰিথ আছালংকা, ধনঞ্জয়া ডি ছিলভা, চামিকা কৰুণাৰত্নে, দুনীশ ৱেলালাগে, মহীশ থিকশানা, লাহিৰু কুমাৰা, দিলশান মাদুশাংকা ।

অষ্ট্ৰেলিয়া : মিচেল মাৰ্শ, ডেভিদ ৱাৰ্ণাৰ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুচাগনে, জছ ইংগলিছ (উইকেটৰক্ষক), গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টইনিছ, মিচেল ষ্টাৰ্ক, পেট কামিন্স (অধিনায়ক), আডাম জাম্পা, জছ হেজলউড ।

লগতে পঢ়ক :ICC World Cup 2023 : সংকটৰ পৰা ওলাব পাৰিব নে কেংগাৰু বাহিনী ?

Last Updated : Oct 16, 2023, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.