চিটাৰা ডেস্ক, 5 নৱেম্বৰ: টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীৰ আজি ৩৫ সংখ্যক জন্মদিন । এই বিশেষ দিনটোত সমগ্ৰ বিশ্বই বিৰাট কোহলীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । বিৰাটৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত অবিৰতভাৱে জন্মদিনৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে ।
অনুষ্কা শৰ্মাই ব্যতিক্ৰমীভাৱে শুভেচ্ছা জনালে বিৰাট কোহলীক
স্বামীৰ জন্মদিনত তেওঁৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা বাৰু কেনেকৈ পিছ পৰি থাকিব ? অনুষ্কাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত স্বামী বিৰাটৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বিৰাটে বলিং কৰি থকা এখন ছবি শ্বেয়াৰ কৰিছে ।
ক’লে বিৰাট কোহলীয়ে কেনেকৈ বলিঙৰ এই ডাঙৰ অভিলেখ গঢ়িলে
এই ফটোখনত কোৱা হৈছে যে কেনেকৈ বিৰাটে আইনী বল বলিং নকৰাকৈ টি-২০ ৰ কেৰিয়াৰৰ প্ৰথমটো উইকেট দখল কৰিছিল । যদিও বিৰাট তেওঁৰ উৎকৃষ্ট বেটিঙৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত, কিন্তু এই পোষ্টটোৰ জৰিয়তে অনুষ্কাই এনে এটা অভিলেখৰ কথা কৈছে যিটো শ্ৰেষ্ঠ বলাৰসকলেও লাভ কৰিব পৰা নাই । অনুষ্কাৰ এই পোষ্টটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।
অনুষ্কাই শ্বেয়াৰ কৰিলে এই বিশেষ কথা
ফটোখন শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে, ‘‘জীৱনৰ প্ৰতিটো ভূমিকাতে তেওঁ উৎকৃষ্ট আৰু এতিয়াও তেওঁৰ কেপত কিছু নতুন কৃতিত্ব সংযোজন কৰি গৈ আছে । এই জীৱনত আৰু সদায়, প্ৰতিটো মুহূৰ্তত, যিয়েই নহওক কিয়, মই তোমাক এনেকৈ ভাল পাম ।’’ অনুষ্কাৰ এই পোষ্টটোৰ ওপৰত অনুৰাগীয়ে অহৰহ মন্তব্য কৰা দেখা গৈছে । পত্নীৰ এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰাটে । বিৰাটে হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে ৷