ETV Bharat / sports

ICC World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে 93 ৰাণত জয়লাভ ইংলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 6:50 PM IST

Updated : Nov 11, 2023, 10:43 PM IST

শনিবাৰে চলিত বিশ্বকাপৰ 44 সংখ্যক মেচখনত পাকিস্তানৰ বিৰুদ্ধে 93 ৰাণত জয়লাভ কৰিছে ইংলেণ্ডে ৷ 338 ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানে 43.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 244 ৰাণ ৷

ICC World Cup 2023
ইংলেণ্ডৰ মুখামুখি হৈছে পাকিস্তান

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ : চলিত সংস্কৰণৰ বিশ্বকাপৰ নিজৰ অন্তিমখন লীগ মেচত শনিবাৰে ইংলেণ্ডে পাকিস্তানক 93 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ৷ 338 ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানে 43.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 244 ৰাণ ৷

নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় পাকিস্তান ৷ প্ৰথম অভাৰতে শূণ্য ৰাণত পেভিলিয়নমুখী হয় অ’পেনাৰ আবদুল্লাহ শ্বফীক ৷ ইয়াৰ পাছতে 9 টা বলত মাত্ৰ 1 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ফখৰ জামান ৷ দুয়োজন বেটছমেনৰ উইকেট দখল কৰে ডেভিড উইলীয়ে ৷ অধিনায়ক বাবৰ আজমে সাৰ্বাধিক 38 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মহম্মদ ৰিজোৱানে সংগ্ৰহ কৰে 36 ৰাণ ৷

ইংলেণ্ডৰ হৈ ডেভিড উইলীয়ে 3 টা উইকেট দখল কৰে ৷ মইন আলী, আদিল ৰছিদ আৰু গাছ এটকিনছনে দখল কৰে 2 টাকৈ উইকেট ৷ ক্ৰীছ ৱ’কেছে দখল কৰে 1টা উইকেট ৷ ডেভিড উইলী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে বিস্ফোৰক বেটিঙেৰে পাকিস্তানৰ সন্মুখত 338 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে ৷ দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 337 ৰাণ ৷

দলৰ হৈ বেন ষ্টকছে সাৰ্বাধিক 84 ৰাণ বৰঙণি আগবঢ়াই ৷ জ’ ৰুটে সংগ্ৰহ কৰে 72 টা বলত 60 ৰাণ ৷ জনী বয়াৰষ্টই 61 টা বলত 59 ৰাণ সংগ্ৰহ কৰি হেৰিছ ৰৌফৰ বলত পেভিলিয়নমুখী হয় ৷ হেৰী ব্ৰুকে বিস্ফোৰক বেটিঙেৰে 17 টা বলত সংগ্ৰহ কৰে 30 ৰাণ ৷ ডেভিড উইলীয়ে 5 টা বলতে সংগ্ৰহ কৰে 15 ৰাণ ৷

পাকিস্তানৰ হৈ হেৰিছ ৰৌফে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ শ্বাহীন আফ্ৰিদি আৰু মহম্মদ ৱাচিম জুনিয়ৰে 2 টাকৈ উইকেট দখল কৰে ৷ ইফটিখাৰ আহমেদে দখল কৰে 1 টা উইকেট ৷

ইংলেণ্ডৰ মূল একাদশ: জনী বেয়াৰষ্ট’, ডাৱিদ মালান, জ’ ৰুট, বেন ষ্ট’কছ, হেৰী ব্ৰুক, জ’ছ বাটলাৰ (অধিনায়ক/উইকেট কীপাৰ), ম’ইন আলী, ক্ৰীছ ৱ’কেছ, ডেভিদ উইলি, গাছ এটকিনছন, আদিল ৰছিদ ৷

পাকিস্তানৰ মূল একাদশ: আব্দুল্লাহ চফিক, ফখৰ জামান, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান (উইকেট কীপাৰ), চৌদ শ্বাকিল, ইফতিকাৰ আহমেদ, আঘা ছলমান, ছাদাব খান, শ্বাহীন আফ্ৰিদি, মহম্মদ ৱাছিম জুনিয়ৰ, হেৰিছ ৰৌফ ৷

লগতে পঢ়ক : Viv Richards on Kohli : বিৰাট কোহলী সৰ্বকালৰ মহান খেলুৱৈ; ভিভ ৰিচাৰ্ডছ

Last Updated : Nov 11, 2023, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.