ETV Bharat / sports

ICC ODI World Cup 2023 : ৰামোজী ফিল্ম চিটিত প্ৰদৰ্শন বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:48 PM IST

Updated : Sep 21, 2023, 7:52 PM IST

হায়দৰাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ৰামোজী ফিল্ম চিটিত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ট্ৰফী প্ৰদৰ্শন কৰা হয় । ট্ৰফী প্ৰদৰ্শন অনুষ্ঠানৰ সময়ত বিশ্বকাপৰ থিম ছং দিল জছন-জছন বোলেও পৰিবেশন কৰা হয় ৷ প্ৰায় এঘণ্টা ধৰি চলা এই অনুষ্ঠানটো যথেষ্ট আকৰ্ষণীয় আছিল ।

ICC ODI World Cup 2023
ৰামোজী ফিল্ম চিটিত প্ৰদৰ্শন বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটিত বুধবাৰে প্ৰদৰ্শন কৰা হয় আইচিচি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ট্ৰফী । এই ট্ৰফী চাবলৈ বৃহৎ সংখ্যক ক্ৰিকেট অনুৰাগী সমবেত হয় । অনুষ্ঠানৰ সময়ত অনুৰাগীসকলে টিম ইণ্ডিয়াক জোৰদাৰ সমৰ্থন কৰা পৰিলক্ষিত হয় । ৰামোজী ফিল্ম চিটিলৈ বিশ্বকাপৰ ট্ৰফীটো অনা সময়তে ক্ৰিকেটৰ সমৰ্থকসকলৰ মাজত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছিল ৷ অনুৰাগীৰ ব্যাপক উৎসাহ আৰু আতচবাজীৰ মাজত সন্ধিয়া প্ৰায় ৪:৫০ বজাত ট্ৰফীটো উন্মোচন কৰা হয় ৷ ট্ৰফীটো উন্মোচনৰ লগে লগে বিশ্বকাপৰ থিম ছং দিল জছন-জছন গীতটোও পৰিবেশন কৰা হয় ৷

চেল্ফীৰ বাবে ভিৰ: পৰিচালন সঞ্চালক চিএছ ব্ৰজেশ্বৰী আৰু দেবিশায়ে অনুৰাগীসকলৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত ট্ৰফীটো উন্মোচন কৰে । বিশ্বকাপৰ ট্ৰফীটো অনাবৰণ কৰাৰ পাচতেই ক্ৰিকেট অনুৰাগীয়ে চেল্ফী তুলিবলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয় । উক্ত অনুষ্ঠানত এম কে প্ৰসাদ, ভেংকটেশ্বৰ আৰু নাগেশ্বৰকে উপস্থিত থাকে আৰু তেওঁলোকে বিশ্বকাপৰ ট্ৰফীৰ ওচৰত চেল্ফী লয় ।

অনুষ্ঠানত ভাষণ দি ভেংকটেশ্বৰে ৰামোজী ফিল্ম চিটিত পুৰুষৰ এদিনীয়া বিশ্বকাপ ট্ৰফী প্ৰদৰ্শন কৰাৰ বাবে আইচিচিক ধন্যবাদ জনায় । তেওঁ ১৯৮৩ চনৰ বিশ্বকাপ জয়ৰ বাবে কপিল দেৱ আৰু ২০১১ চনৰ বিশ্বকাপত দেশৰ হৈ জয়লাভ কৰা মহেন্দ্ৰ সিং ধোনীক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ পিচত পুৰণি স্মৃতি সুঁৱৰি তেওঁ কয় যে, ১৯৯৩ চনত তেওঁৰ কন্যাই তেওঁক আইচিচিৰ ট্ৰফী লৈ এখন ফটো তুলিবলৈ কৈছিল । কিন্তু তেতিয়া তেওঁ তেনে কৰিব নোৱাৰিলে, কিন্তু আজি তেওঁ আই চি চি বিশ্বকাপৰ ট্ৰফী লৈ এখন ফটো তোলাৰ সুযোগ পালে ।

এই অনুষ্ঠানৰ আৰম্ভণিতে অনুৰাগীৰ লগত আলাপ-আলোচনা কৰা হয় । ইয়াৰ মাজতে অনুৰাগীৰ ক্ৰিকেট জ্ঞানো পৰীক্ষা কৰা হয় আৰু সকলোৱে নিজৰ প্ৰিয় ক্ৰিকেটাৰ, তেওঁলোকৰ জীৱন আৰু এদিনীয়া বিশ্বকাপত তেওঁলোকৰ অৱদানৰ বিষয়ে আলোচনা কৰে । অনুষ্ঠানৰ শেষত সকলো অনুৰাগীয়ে বিশ্বকাপ ট্ৰফী সৈতে ফটো তোলে ৷

ট্ৰফীৰ বিশেষত্ব: ৰামোজী ফিল্ম চিটিত আইচিচি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ট্ৰফী প্ৰদৰ্শনৰ সময়ত এই ট্ৰফীৰ বিশেষত্বৰ বিষয়ে উল্লেখ কৰা হয় । বৰ্তমানৰ আইচিচি বিশ্বকাপ ট্ৰফীটো ১৯৯৯ চনত বনোৱা হৈছিল । এই ট্ৰফীটোৰ দৈঘ্য ৬০ ছেন্টিমিটাৰ আৰু ইয়াত তিনিটা স্তম্ভ আছে যিয়ে বেটিং, বলিং আৰু ফিল্ডিঙক প্ৰতিনিধিত্ব কৰে । এই ট্ৰফীৰ ওপৰত গ্ল’ব আকৃতিৰ বল এটাও আছে । এই ট্ৰফীৰ ওজন ১১ কিলোগ্ৰাম । ট্ৰফীটোৰ মূল্য প্ৰায় ৪০,০০০ পাউণ্ড ষ্টাৰ্লিং যাৰ ভাৰতীয় মূল্য ৩০,৮৫,৩২০ টকা ।

লগতে পঢ়ক: ICC ODI World Cup 2023 : বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী ৰামোজী ফিল্ম চিটিত প্ৰদৰ্শনৰ ব্যৱস্থা

Last Updated : Sep 21, 2023, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.