ETV Bharat / sports

ICC Player of the Month : আইচিচিৰ ছেপ্টেম্বৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ শুভমন গিল

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:31 PM IST

শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত মেচত শুভমন গিল উপলব্ধ হ'বনে নহয় সেইটো এতিয়াও নিশ্চিত নহয় যদিও তেওঁৰ বাবে আহিছে আন এক সুখবৰ । শুভমন গিলে ছেপ্টেম্বৰ মাহত দেখুওৱা প্ৰদৰ্শনৰ বাবে আইচিচিৰ মাহটোৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা লাভ কৰিছে । তেওঁ ছেপ্টেম্বৰ মাহত ৮০ গড়েৰে এদিনীয়া ক্ৰিকেটত ৪৮০ ৰাণ সংগ্ৰহ কৰে ।

আইচিচিৰ ছেপ্টেম্বৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ শুভমন গিল
ICC Player of the Month

স্পৰ্টছ ডেস্ক, ১৩ অক্টোবৰ : ভাৰতৰ যুৱ বেটাৰ শুভমন গিললৈ আইচিচিৰ সন্মান । সাম্প্ৰতিক সময়ত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে শুকুৰবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে আইচিচিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে । তেওঁ ছেপ্টেম্বৰ মাহত ৮০ আকৰ্ষণীয় গড়েৰে এদিনীয়া ক্ৰিকেটত ৪৮০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰে ভিতৰত তেওঁৰ কেইবাটাও আকৰ্ষণীয় প্ৰদৰ্শনো আছে । মূলত পঞ্জাবৰ শুভমন গিলে নিজ দলৰে মহম্মদ চিৰাজ আৰু ইংলেণ্ডৰ অপেনাৰ ডাৱিদ মালানক এই বঁটা লাভৰ দৌৰত চেৰ পেলায় ।

উল্লেখ্য যে ২৪ বছৰীয়া এইগৰাকী যুৱ প্ৰতিভাই এছিয়া কাপত ৭৫.৫ গড়ৰ সৈতে ৩০২ ৰাণ সংগ্ৰহ কৰে । যাৰ ফলত ভাৰতে প্ৰতিযোগিতাখনত দৃঢ় প্ৰদৰ্শন কৰে । লগতে তেওঁ বিশ্বকাপৰ পূৰ্বে দ্বিপাক্ষিক শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যথেষ্ট সফল আছিল আৰু দ্বিতীয় এদিনীয়াত এটা শতকো অৰ্জন কৰিছিল । এইগৰাকী বেটাৰে বিগত মাহত তিনিটা অৰ্ধশতক অৰ্জন কৰাৰ বাবে এই পুৰস্কাৰ লাভ কৰে । উল্লেখ্য যে তেওঁ শোহতীয়া আঠটা ইনিংছত কেৱল দুটাহে অৰ্ধশতকতকৈ কম ৰাণৰ ইনিংছ খেলিছিল ।

গিল বৰ্তমান আইচিচি পুৰুষৰ এদিনীয়া বেটিং ৰেংকিঙত ২ নম্বৰ স্থানত আছে । তেওঁৰ কৃতিত্বৰ উল্লেখযোগ্য অভিলেখলৈ চালে দেখা যায় যে শুভমনে ৩৫ খন মেচত ৬৬.১ গড়ে ১,৯১৭ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১০২.৮৪ । অৱশ্যে ভাৰতীয় দলৰ এইগৰাকী ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৱান তাৰকা বেটাৰে চলিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ প্ৰথম দুখন মেচৰ পৰা দুৰ্ভাগ্যবশত বাদ পৰিবলগা হয় । কিয়নো তেওঁ ডেংগু জ্বৰত আক্ৰান্ত হয় । কিন্তু দলটোৱে আগন্তুক মেচবোৰত তেওঁৰ উপস্থিতি দৃঢ়তাৰে আশা কৰিব ।

আনহাতে, এই বঁটা লাভ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গিলে আনন্দ প্ৰকাশ কৰি কয় যে এই বঁটাটোৱে তেওঁক উৎকৃষ্ট হ'বলৈ অনুপ্ৰাণিত কৰিব । "ছেপ্টেম্বৰ মাহৰ বাবে 'আইচিচি প্লেয়াৰ অব দ্য মান্থ' বঁটা লাভ কৰি মই আনন্দিত । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু দলটোৰ উদ্দেশ্যত অৱদান আগবঢ়োৱাটো এটা ডাঙৰ সৌভাগ্য । এই বঁটাটোৱে মোক উৎকৃষ্টতাৰ সন্ধান অব্যাহত ৰাখিবলৈ আৰু দেশক গৌৰৱান্বিত কৰিবলৈ অধিক অনুপ্ৰাণিত কৰিব ।" গিলে কয় ।

"মই এছিয়া কাপ, ২০২৩ জয় কৰা সৌভাগ্যৱান দলটোৰ বাবে এক সহায়ক অৱদান আগবঢ়াবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পিছত ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয়েৰে এই ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিলোঁ । মই এই সুযোগতে মোৰ সকলো সতীৰ্থ, পৰিয়াল আৰু প্ৰশিক্ষকসকলক ধন্যবাদ জনাইছোঁ, যাৰ অবিহনে এই সাফল্য সম্ভৱ নহ'লহেঁতেন ।" পঞ্জাবৰ বেটাৰগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :World Cup 2023: দুটা দল; এখন খেল; লক্ষ লক্ষ দৰ্শকৰ উৎকণ্ঠা...বিশ্বকাপৰ বিগ মেচৰ বাবে মটেৰা সাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.