স্প’ৰ্টছ ডেস্ক, 5 ডিচেম্বৰ : ভাৰতৰ আটাইতকৈ আক্ৰমণাত্মক অপেনাৰসকলৰ ভিতৰত অন্যতম হৈছে শিখৰ ধৱন ৷ ২০০৪ চনত বাংলাদেশত অনুৰ্ধ-১৯ বিশ্বকাপৰ সময়ত ধৱনৰ বিস্ফোৰক ৫০৫ ৰাণৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰে ৷ তাৰপিছতে ধৱনে বিশাল ক্ৰিকেট সাম্ৰাজ্যৰ লগত জড়িত প্ৰতিগৰাকীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷
আজি শিখৰ ধৱনৰ 36 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ প্ৰাকমূহুৰ্তত খেলুৱৈগৰাকী "শীৰ্ষ পাঁচটা ইনিংছ" এবাৰ জুকিয়াই চাও আহক-
- ম’হালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৭৪ টা বলত ১৮৭ ৰাণ (২০১৩)
ধৱনে ২০১৩ চনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত দ্ৰুততম শতক সংগ্ৰহ কৰি টেষ্ট কেৰিয়াৰত অভিষেক ঘটাইছিল ৷ ঘৰুৱা দলটোৰ মুৰলী বিজয়ৰ সৈতে ভাৰতৰ হৈ বেটিং আৰম্ভ কৰি ধৱনে ৮৫ টা বলত প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ৷ তেওঁ ৩৩ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১৭৪ টা বলত ১৮৭ ৰাণ সংগ্ৰহ কৰিছিল ৷ যদিও ধৱনে দ্বিতীয় ইনিংছৰ সময়ত বেটিং কৰা নাছিল, তথাপিও অভিষেক মেচতে কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে "প্লেয়াৰ অৱ দ্য মেচ" বঁটা লাভ কৰে ৷ ভাৰতে ম’হালি টেষ্টত ছয় উইকেটত জয় লাভ কৰিছিল ৷
- কাৰ্ডিফত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৯৪ টা বলত ১১৪ ৰাণ (২০১৩)
ধৱনে কাৰ্ডিফত অনুষ্ঠিত ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১১৪ ৰাণ সংগ্ৰহ কৰিছিল ৷ উক্ত মেচত দক্ষিণ আফ্ৰিকাই টছত জয়ী হোৱাৰ পিছত ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ মেচখনত ভাৰতীয় অপেনাৰ যুটি শিখৰ ধৱন আৰু ৰোহিত শৰ্মাই ১২৭ ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে 22 অভাৰত ৰোহিত শৰ্মাৰ উইকেটৰ পতন ঘটে ৷ মেচখনত ভাৰতে ৫০ অভাৰত ৩৩১/৭ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা ৩০৫ ৰাণত অল আউট হৈছিল ৷ যাৰ বাবে 26 ৰাণত দলটোক হৰুৱাইছিল ভাৰতে ৷
- গালেত শ্ৰীলংকাৰ বিৰুদ্ধে ১৬৮ টা বলত ১৯০ ৰাণ (২০১৭)
যিকোনো দীঘলীয়া ফৰ্মেটত শিখৰ ধৱনৰ সৰ্বোচ্চ স্ক'ৰ আছিল ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে গালেত অনুষ্ঠিত এখন মেচত ৷ ধৱনে ১৬৮ টা বলত ১৯০ ৰাণ সংগ্ৰহ কৰিছিল ৷ উক্ত মেচত ভাৰতে শ্ৰীলংকাক ৩০৪ ৰাণত পৰাস্ত কৰিছিল ৷ বাওঁহতীয়া বেটছমেনগৰাকীয়ে ১৯০ ৰাণ সংগ্ৰহ কৰা ইনিংছটোত আছিল ৩১ টা বাউণ্ডেৰী ৷ মেচখনত ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় চাৰি ঘণ্টা ক্ৰীজত অতিবাহিত কৰিছিল (২৩৫ মিনিট) ৷
- মেলবৰ্ণত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৪৬ টা বলত ১৩৭ ৰাণ (২০১৫)
বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সিমান সুখদায়ক নাছিল ৷ অৱশ্যে ২০১৫ চনৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ খেলত, ভাৰতে দলটোক ১৩০ ৰাণত পৰাস্ত কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে ৷ এই মেচখনত ভাৰতৰ বেটিং বিপৰ্যয় ৰক্ষা কৰিছিল শেখৰ ধৱনে ৷ ক্ৰিকেটাৰগৰাকীয়ে দুৰ্দান্ত ফৰ্মত থাকি ১৪৬ টা বলত ১৩৭ ৰাণ সংগ্ৰহ কৰিছিল ৷ যাৰ বাবে লাভ কৰে মেন অৱ দ্য মেচৰ বঁটা ৷
- ডাম্বুলাত শ্ৰীলংকাৰ বিৰুদ্ধে ৯০ টা বলত ১৩২* ৰাণ (২০১৭)
টেষ্ট শৃংখলাত শ্ৰীলংকাক ৩-০ গলত পৰাস্ত কৰাৰ পিছত টীম ইণ্ডিয়াই দ্বীপৰাষ্ট্ৰ খনত এদিনীয়া খেলৰ ছিৰিজতো আধিপত্য দখল কৰে ৷ ভাৰতে প্ৰথমখন এদিনীয়াত আয়োজক দলটোক ন উইকেটত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ২১৬ ৰাণত অল আউট হয় ৷ প্ৰত্যুত্তৰত ভাৰতে ১২৭ টা বল বাকী থকা অৱস্থাত ৯ উইকেটত জয় লাভ কৰে ৷ এইখন মেচত ধৱনে ৯০ টা বলত অপৰাজিত ১৩২ ৰাণ সংগ্ৰহ কৰিছিল ৷