ETV Bharat / sports

Bishan Singh Bedi Passes Away: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিষণ সিং বেদীৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:52 PM IST

Updated : Oct 23, 2023, 8:08 PM IST

ক্ৰিকেট অনুৰাগীৰ বাবে এটা বেয়া খবৰ । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ স্পিনাৰ বিষণ সিং বেদীৰ ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ।

Bishan Singh Bedi Passes Away
Bishan Singh Bedi Passes Away

স্প’ৰ্টছ ডেস্ক, 23 অক্টোবৰ: ভাৰতত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ মাজতে আহিছে এক দুখৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা মহান স্পিনাৰ বিষণ সিং বেদীৰ সোমবাৰে দেহাৱান ঘটে ৷ দীৰ্ঘদিন ধৰি ৰোগশয্যাত পৰি থকা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 77 বছৰ ৷ ভাৰতৰ বাবে 67 খনকৈ মেচ খেলা বেদীৰ জন্ম হৈছিল 1946 চনৰ 25 ছেপ্টেম্বৰত পঞ্জাবৰ অমৃতসৰত ৷

  • The BCCI mourns the sad demise of former India Test Captain and legendary spinner, Bishan Singh Bedi.

    Our thoughts and prayers are with his family and fans in these tough times.

    May his soul rest in peace 🙏 pic.twitter.com/oYdJU0cBCV

    — BCCI (@BCCI) October 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সত্তৰৰ দশকৰ বিখ্যাত স্পিন কোৱাৰ্টেটৰ অংশ আছিল বিষণ সিং বেদী ৷ তেওঁ ইৰাপল্লী প্ৰসন্ন, বি এছ চন্দ্ৰশেখৰ আৰু এছ ভেংকটৰাঘৱনৰ সৈতে ভাৰতত স্পিন বলিঙৰ ভেটি শক্তিশালী কৰিছিল ৷ এই স্পিন কোৱাৰ্টেটে একেলগে ভাৰতৰ হৈ মুঠ 231 খন টেষ্ট খেলি 853 টা উইকেট দখল কৰে ।

বিষণ সিং বেদীৰ ক্ৰিকেট কেৰিয়াৰ

1966 চনত ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটোৱা বিষণ সিং বেদীয়ে নিজৰ সুন্দৰ প্ৰদৰ্শনেকে ভাৰতক বহু মেচত জয়ী কৰিছিল । ক্ৰিকেট কেৰিয়াৰত ভাৰতৰ হৈ 67 খন টেষ্ট মেচ খেলি বেদীয়ে 28.71 ৰ উৎকৃষ্ট গড়ৰে 266 টা উইকেট দখল কৰে । এই সময়ছোৱাত তেওঁ 14 বাৰ 5 টা উইকেট আৰু এবাৰ 10 টা উইকেট লাভ কৰে । এইগৰাকী কিংবদন্তি স্পিনাৰে 1979 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

স্পিন বলিঙেৰে ডাঙৰ বেটছমেনক বিপাঙত পেলোৱা বিষণ সিং বেদীয়ে টীম ইণ্ডিয়াক সুন্দৰভাৱে নেতৃত্ব দিছিল ৷ 1976 চনত মনছুৰ আলী খান পাটৌদিৰ ঠাইত বিষণ সিং বেদীক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় । 1976 চনৰ পৰা 1978 চনৰ ভিতৰত বেদীয়ে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰি দলটোত যুঁজৰ ক্ষমতা জগাই তোলাৰ লগতে অনুশাসনৰ মাপকাঠী নিৰ্ধাৰণ কৰিছিল ।

1976 চনত বেদীৰ নেতৃত্বত ভাৰতে সেই সময়ৰ সবল দল ৱেষ্ট ইণ্ডিজক টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজতে পৰাস্ত কৰে । কিন্তু একেৰাহে কেইবাখনো ছিৰিজ পৰাস্ত হোৱাৰ পাচত তেওঁক অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া হয় আৰু দলৰ কমাণ্ডৰ দায়িত্ব অৰ্পণ কৰা হয় সুনীল গাভাস্কাৰক ।

লগতে পঢ়ক: CWC 2023 : বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা ডাৰিল মিচেলৰ

Last Updated : Oct 23, 2023, 8:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.