ETV Bharat / sports

কিষাণ আৰু ঋষভ পণ্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে সেহৱাগে - কিষাণ আৰু ঋষভ পন্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে চেহৱাগে

দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয় টি-২০ খেলৰ সময়ত নৱাগত ইশান কিষাণে এক আকৰ্ষণীয় অৰ্ধ শতক অৰ্জন কৰি বিৰাট কোহলী বাহিনীয়ে সাত উইকেটত ইংলেণ্ডক পৰাস্ত কৰে আৰু শৃংখলাত ১-১ স্ক'ৰত অৱতীৰ্ণ হয় দুয়োটা দল । ইয়াৰ পিছতে সেহৱাগৰ আহ্বান ঋষভ পণ্ট আৰু ইশান কিষাণক তেওঁলোকে কোহলীক অনুসৰণ কৰাতো প্ৰয়োজন ।

কিষাণ আৰু ঋষভ পন্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে চেহৱাগে
কিষাণ আৰু ঋষভ পণ্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে সেহৱাগে
author img

By

Published : Mar 16, 2021, 6:27 PM IST

স্পৰ্টছ ডেস্ক,১৬ মাৰ্চ: যুৱ প্ৰতিভাৱান খেলুৱৈ ঋষভ পণ্ট আৰু ইশান কিষাণৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট প্ৰাক্তন ক্ৰিকেটাৰসকল । প্ৰাক্তন ক্ৰিকেটা চাবা কৰিমে প্ৰশংসা কৰাৰ পিছত এইবাৰ বীৰেন্দ্ৰ সেহৱাগৰ বিশেষ আহ্বান দুয়োগৰাকী খেলুৱৈক । বীৰেন্দ্ৰ সেহৱাগে দুয়োগৰাকী খেলুৱৈক অধিনায়ক বিৰাট কোহলীৰ দৰে দলটোৰ হৈ খেল শেষ কৰাতো বিচাৰে ।

দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয় টি-২০ খেলৰ সময়ত নবাগত ইশান কিষাণে এক আকৰ্ষণীয় অৰ্ধ শতক অৰ্জন কৰি বিৰাট কোহলী বাহিনীয়ে সাত উইকেটত ইংলেণ্ডক পৰাস্ত কৰে আৰু শৃংখলাত ১-১ স্ক'ৰত অৱতীৰ্ণ হয় দুয়োটা দল । একেখন খেলত কোহলীয়েও অপৰাজিত ৭৩ ৰাণ সংগ্ৰহ কৰিছিল ।

খেলৰ পিছতে নৱাগত দুই খেলুৱৈ ঋষভ পণ্ট আৰু ইশান কিষাণক জোৰ দি সেহৱাগে আহ্বান জনাইছিল যাতে তেওঁলোকেও বিৰাট কোহলীৰ দৰে খেল শেষ কৰিবলৈ উভতি আহে ।

সেহৱাগে প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰো উদাহৰণ দাঙি ধৰিছিল । তেণ্ডুলকাৰেও একে ধৰণৰ কাম কৰিছিল । সেহৱাগে উল্লেখ কৰে যে শচীন তেণ্ডুলকাৰে তেওঁক কৈছিল যদি এটা ভাল দিন পোৱা যায়, তেন্তে উইকেট হেৰুৱাব নালাগে আৰু যিমান সম্ভৱ ৰাণ সংগ্ৰহ কৰিব লাগে কাৰণ তেনেকুৱা ভাল দিন কেতিয়া আহিব কোনেও নাজানে ।

লগতে পঢ়ক: ইণ্ডিয়া বনাম ইংলেণ্ড : শিখৰ ধৱনৰ স্থান অক্ষুণ্ণ ৰখাৰ চাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.