স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ : যমজ সন্তাৰ পিতৃ হ’ল ভাৰতীয় ক্ৰিকেটাৰ দীনেশ কাৰ্তিক ৷ বৃহস্পতিবাৰে কাৰ্তিক আৰু তেওঁৰ পত্নী দীপিকা পাল্লিকালে সামাজিক মাধ্যমযোগে এই বাতৰি ৰাজহুৱা কৰে ৷ ক্ৰিকেটাৰগৰাকীয়ে ইনষ্টাগ্ৰামযোগে এখন ধুনীয়া ‘Family Photo’ শ্বেয়াৰ কৰে ৷
![Dinesh Karthik, Dipika Pallikal Karthik](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13488677_2.jpg)
ছবিখনত দুয়োকে যথেষ্ট আনন্দিত দেখিবলৈ পোৱা গৈছে ৷ ছবিখনৰ কেপশ্বনত কাৰ্তিকে লিখে , "And just like that 3 became 5 Dipika and I have been blessed with two beautiful baby boys Kabir Pallikal Karthik Zian Pallikal Karthik and we could not be happier" ৷ ছবিখনত তেওঁৰ অনুৰাগীসকলে দুয়োকে অভিনন্দন জ্ঞাপন কৰে ৷
![Dinesh Karthik, Dipika Pallikal Karthik](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13488677_1.jpg)
দীনেশ কাৰ্তিকৰ পত্নী দীপিকা এগৰাকী squash খেলুৱৈ ৷ তেওঁ বিশ্বৰ মহিলা squash খেলুৱৈৰ তালিকাত অন্তৰ্ভূক্ত হোৱা প্ৰথমগৰাকী খেলুৱৈ ৷ তেওঁ কেইবাবৰো এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
![Dinesh Karthik, Dipika Pallikal Karthik](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13488677_3.jpg)
দীপিকায়ো সামাজিক মাধ্যমত ছবি শ্বেয়াৰ কৰি তেওঁৰ অনুৰাগীসকলৰ আগত এই সুখৰ বাতৰিটো শ্বেয়াৰ কৰে ৷
লগতে পঢ়ক : ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই