ETV Bharat / sports

ICC World cup 2023 : কেইবাটাও অভিলেখৰ গৰাকী হ'ল মহম্মদ শ্বামী

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপ ২০২৩ৰ প্ৰথমখন ছেমি ফাইনেল অতি ৰোমাঞ্চকৰ আছিল । খেলখনৰ পাছতে ভাৰতীয় পেচাৰ মহম্মদ শ্বামীৰ সকলো ফালে জয়জয়-ময়ময় শুনিবলৈ পোৱা গৈছে । কেইবাটাও অভিলেখো গঢ়িছে খেলুৱৈগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:53 PM IST

ICC World cup 2023
কেইবাটাও অভিলেখৰ গৰাকী হ'ল মহম্মদ শ্বামী

স্পৰ্টছ ডেস্ক,১৬ নৱেম্বৰ : বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত মহম্মদ শ্বামীৰ যাদুৱে প্ৰতিগৰাকী ভাৰতীয় অনুৰাগীকে আনন্দিত কৰি তুলিছে । মহম্মদ শ্বামীয়ে শক্তিশালী প্ৰদৰ্শনেৰে খেলখনত ৭ টা উইকেট লাভ কৰে । উইলিয়ামছন আৰু ডেৰিল মিচেলৰ আক্ৰমণাত্মক প্ৰদৰ্শনে ভাৰতীয় দৰ্শকসকলক এসময়ত হতবাক কৰি তুলিছিল । একে মুহূৰ্তত, শ্বামীয়ে ভাৰতৰ হৈ উইকেট দখল কৰি পুনৰ এবাৰ ভাৰতীয় দলটোক খেলখনত ওভতাই আনে । কেৱল সেয়াই নহয় ছেমি ফাইনেলত ভাৰতীয় দলটো জয়ী হয় আৰু ফাইনেলত প্ৰৱেশ কৰে । শ্বামীৰ এনে প্ৰদৰ্শনৰ পাছতে ছেমি ফাইনেলক বহুতে 'শ্বামী ফাইনেল' বুলিও অভিহিত কৰিছে ।

চলিত বিশ্বকাপত, মহম্মদ শ্বামীয়ে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে কেইবাটাও অভিলেখ গঢ়িছে :

মহম্মদ শ্বামীয়ে বুধবাৰে বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰাণ দি ৭ টা উইকেট লৈ ষ্টুৱাৰ্ট বিনীৰ অভিলেখ অতিক্ৰম কৰে । এগৰাকী ভাৰতীয় বলাৰ হিচাপে এখন এদিনীয়াত সৰ্বাধিক উইকেট দখলকাৰী হ'ল ছামী । ইয়াৰ পূৰ্বে বিন্নীয়ে ২০১৪ চনত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত ৪ ৰাণ দি ৬ টা উইকেট দখল কৰিছিল । ১৯৯৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনিল কুম্বলেৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ১২ ৰাণত ৬ টা উইকেট । ছামীয়ে এই দুয়োটা অভিলেখ ভংগ কৰিছে আৰু ভাৰতৰ হৈ এদিনীয়াৰ সৰ্বশ্ৰেষ্ঠ উইকেট দখলকাৰী হৈছে । তেওঁ ডেভন কনৱে, ৰাচিন ৰবীন্দ্ৰ, ডেৰেল মিচেল, কেন উইলিয়ামছন, টম লেথাম, লকি ফাৰ্গুচন আৰু টিম চাউদীৰ উইকেট দখল কৰে ।

২০১৫ চনৰ পৰা মহম্মদ শ্বামীয়ে ৩ টাকৈ এদিনীয়া বিশ্বকাপ ছিজনত অংশগ্ৰহণ কৰিছে । বিশ্বকাপৰ ১৭ খন মেচ খেলিয়ে তেওঁ ৫০ টা উইকেট দখল কৰিছে । এই ক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ককো অতিক্ৰম কৰিছে । অষ্ট্ৰেলিয়াৰ ষ্টাৰ্কে ১৯ খন খেলত ৫০ টা উইকেট লাভ কৰিছে ।

চলিত বিশ্বকাপত বেটছমেনসকলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে দেখা গৈছে শ্বামীক । মাত্ৰ ১৭ টা ইনিংছতে শ্বামীয়ে ৫৪ টা উইকেট দখল কৰিছে আৰু বিশ্বকাপত ৪ বাৰ ৫ টা উইকেট দখল কৰিছে । অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে বিশ্বকাপত সৰ্বাধিক ৫ টা উইকেট দখল কৰা বলাৰৰ তালিকাৰ শীৰ্ষত আছিল । অষ্ট্ৰেলিয়ান ফাষ্ট বলাৰজনে ৩ টা বিশ্বকাপত ৩ বাৰকৈ ৫ টা উইকেট দখল কৰিছে । একে সময়তে, মহম্মদ ছামীয়ে ৪ বাৰ এই কৃতিত্ব অৰ্জন কৰিছে ।

  • Milestones for Shami today:

    - Best bowling figure in ODIs for India.
    - Fastest 50 wickets in WCs.
    - Most 5-fers in WCs.
    - Most 4-fers in WCs.
    - Most wickets in a WC for India.
    - Best bowling figure in WC for India.
    - Most wickets in this WC.
    - 3 5-fers in this WC.

    - THE LEGEND. pic.twitter.com/uV1cnts8Uj

    — CricketMAN2 (@ImTanujSingh) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহম্মদ ছামীয়ে এদিনীয়া বিশ্বকাপ সংস্কৰণত এগৰাকী ভাৰতীয়ৰ দ্বাৰা সৰ্বাধিক উইকেট লোৱাৰ জাহিৰ খানৰ অভিলেখো অতিক্ৰম কৰিছে । শ্বামীয়ে এই বিশ্বকাপত ২৩ টা উইকেট দখল কৰিছে । ২০১১ চনত জাহিৰ খানে ২১ টা উইকেট লৈছিল ।

মহম্মদ শ্বামীয়ে বিশ্বকাপৰ ইতিহাসত ৭ টা উইকেট দখল কৰা বলাৰৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে । ইয়াৰ পূৰ্বে, ৪ জন বলাৰে বিশ্বকাপত এনে কৃতিত্ব অৰ্জন কৰিছে । বিশ্বকাপত ৭ টা উইকেট লোৱা পঞ্চমগৰাকী বলাৰ হৈছে মহম্মদ শ্বামী ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে মুম্বাইত অনুষ্ঠিত ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ৭ টা উইকেট দখল কৰাৰ পাছত মহম্মদ শ্বামী ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । তেওঁ অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জেম্পাক অতিক্ৰম কৰিছে । জেম্পাই ২২ টা উইকেট লৈছে । একে সময়তে, মহম্মদ শ্বামীয়ে ২৩ টা উইকেট দখল কৰিছে ।

মহম্মদ শ্বামীয়ে বিশ্বকাপত ৪ বাৰকৈ ৫ টা উইকেট লোৱাৰ অভিলেখ গঢ়াৰ সমান্তৰালকৈ একেটা বিশ্বকাপতে ৩ বাৰকৈ ৫ টা উইকেট লোৱাৰ অভিলেখো গঢ়িছে ।

লগতে পঢ়ক :ICC ODI World Cup 2023 : মহম্মদ শ্বামীৰ প্ৰশংসাত পঞ্চমুখ অধিনায়ক ৰোহিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.