স্পৰ্টছ ডেস্ক, 7 জুনঃ শুকুৰবাৰে আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপত মুখামুখি হ’ব পাকিস্তান আৰু শ্ৰীলংকা ৷ ইংলেণ্ডত বিশ্বকাপত 36 বছৰৰ পিচত দুয়োটা দলে মুখামুখি হ’ব ৷ ইয়াৰ পূৰ্বে 1983 চনত যুঁজত অৱতীৰ্ণ হৈছিল দুয়োটা দল ৷
বৰ্তমানলৈকে 2019 বিশ্বকাপত দুখনকৈ মেচত অৱতীৰ্ণ হৈছে পাকিস্তান আৰু শ্ৰীলংকা ৷ য’ত শ্ৰীলংকাই এখন মেচত জয় লাভ কৰাৰ বিপৰীতে পাকিস্তান দলেও ইংলেণ্ডক পৰাস্ত কৰি এখন মেচত জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, দুয়োটা দলে বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটত 153 বাৰ মুখামুখি হৈছে ৷ য’ত পাকিস্তানে 90 খন আৰু শ্ৰীলংকাই 58 খন মেচত জয়ী হৈছে ৷ আনহাতে এখন মেচ টাই হোৱাৰ বিপৰীতে 4 খন মেচ অমীমাংসিত হৈ ৰয় ৷ আনহাতে বিশ্বকাপৰ ইতিহাসত দুয়োটা দলে 7 বাৰৰ বাবে মুখামুখি হৈছে য’ত 7 বাৰেই পাকিস্তানে বিজয় সাব্যস্ত লাভ কৰিবলৈ সক্ষম হৈছে ৷