ETV Bharat / sports

আইচিচি মহিলা টি-20 বিশ্বকাপঃ ভাৰতৰ হাতত বিধ্বস্ত বাংলাদেশ - ভাৰতীয় মহিলা দল

অষ্ট্ৰেলিয়াত চলি থকা মহিলা টি-20 বিশ্বকাপৰ মেচত ভাৰতীয় মহিলা দলৰ হাতত 18 ৰাণত পৰাস্ত হয় বাংলাদেশ মহিলা দলটো ৷ ভাৰতে নিৰ্ধাৰিত 20 অ’ভাৰত শ্বাফলি বৰ্মাৰ 39 ৰাণ আৰু জেমিমাহ ৰড্ৰিগুৱেজৰ 34 ৰাণৰ সহায়ত 6 উইকেটৰ বিনিময়ত 142 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

Women's T20 World Cup: India beat Bangladesh by 18 runs
আইচিচি মহিলা টি-20 বিশ্বকাপঃ ভাৰতৰ হাতত বিধ্বস্ত বাংলাদেশ
author img

By

Published : Feb 24, 2020, 8:52 PM IST

স্প’ৰ্টচ ডেস্ক, 24 ফেব্ৰুৱাৰীঃ অষ্ট্ৰেলিয়াত চলি থকা মহিলা টি-20 বিশ্বকাপৰ আজি পাৰ্থত অনুষ্ঠিত এখন খেলত ভাৰতৰ হাতত 18 ৰানত পৰাস্ত হয় বাংলাদেশ ৷ টচত জয়ী হৈ বাংলাদেশে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ কৰে ৷ ভাৰতে নিৰ্ধাৰিত 20 অ’ভাৰত শ্বাফলি বৰ্মাৰ 39 ৰাণ আৰু জেমিমাহ ৰড্ৰিগুৱেজৰ 34 ৰাণৰ সহায়ত 6 উইকেটৰ বিনিময়ত 142 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে বাংলাদেশৰ হৈ বলাৰ ৰুমানা আহমেদ আৰু অধিনায়ক চলামা খাতুনে 2 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ প্ৰতুত্তৰত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 124 ৰাণতে থমকি ৰয় ৷ বাংলাদেশৰ উইকেটকীপাৰ বেটচমেন নিগাৰ চুলতানাই 35 ৰাণ আৰু অপেনাৰ মুৰ্চিদা খাতুনে 30 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ পুনম যাদৱে 3টা আৰু শিখা পাণ্ডেই 2 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে চলিত মহিলা টি-20 বিশ্বকাপত ভাৰতীয় মহিলা দলটোৰ এয়া ক্ৰমাগত দ্বিতীয়টো জয় ৷ ভাৰতীয় মহিলা দলৰ অধিনায়ৰ হৰমনপ্ৰীত সিঙৰ নেতৃত্বত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়কঃঅষ্ট্ৰেলিয়াত ‘‘আইচিচি মহিলা টি-20 ক্ৰিকেট বিশ্বকাপ 2020’’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.