ETV Bharat / sports

নতুন জৰ্ছী পিন্ধিব টীম ইণ্ডিয়াই - প্ৰকাশ হ'ল

বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই পৰিধান কৰিব লগা কমলা ৰঙৰ জাৰ্ছী প্ৰকাশ পালে । ভাৰতে জুনৰ ৩০ তাৰিখে ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিব ।

প্ৰকাশ পালে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছী
author img

By

Published : Jun 26, 2019, 11:25 PM IST

নিউজ ডেস্ক, ২৬ জুন : ক্ৰীড়াপ্ৰেমীয়ে এইবাৰ নীলাৰ পৰিৱৰ্তে কমলা ৰঙৰ জাৰ্ছীত দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে টীম ইণ্ডিয়াক । ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা বিশ্বকাপৰ এখন মেচত ভাৰতীয় দলটোক এই নতুন জাৰ্ছীত দেখা পোৱা যাব । আইচিচিৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বিচিচিআইক বহুকেইটা ৰঙৰ বিকল্প প্ৰদান কৰা হৈছিল আৰু তেওঁলোকে দলটোক দেখনিয়াৰ হোৱাকৈ এই ৰঙটোৰ বাচনি কৰি লৈছে ।

ETV BHARAT ASSAM
টীম ইণ্ডিয়া

উল্লেখ্য যে, বৰ্তমানলৈকে প্ৰতিযোগিতাত অপৰাজিত হৈ থকা ভাৰতীয় দলে চাৰি খন মেচত জয় আৰু এখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত ৯ পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থান দখল কৰিছে । ভাৰতে জুনৰ ৩০ তাৰিখে ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিব ।

TEAM INDIA'S NEW JERSEY REVEALED

প্ৰকাশ পালে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছী

নিউজ ডেস্ক, ২৬ জুন : ক্ৰীড়াপ্ৰেমীয়ে নীলাৰ পৰিৱৰ্তে হয়তো কমলা ৰঙৰ জাৰ্ছীত দেখিবলৈ পাব টীম ইণ্ডিয়াক । ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা বিশ্বকাপৰ এখন মেচত ভাৰতীয় দলটোক এই নতুন জাৰ্ছীত দেখা পোৱা যাব । আইচিচিৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বিচিচিআইক বহুকেইটা ৰঙৰ বিকল্প প্ৰদান কৰা হৈছিল আৰু তেওঁলোকে দলটোক দেখনিয়াৰ হোৱাকৈ ৰঙৰ বাচনি কৰি লৈছে ।

উল্লেখ্য যে, বৰ্তমানলৈকে প্ৰতিযোগিতাত অপৰাজিত হৈ থকা ভাৰতীয় দলে চাৰি খন মেচত জয় আৰু এখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত ৯ পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে । ভাৰতে জুনৰ ৩০ তাৰিখে ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিব । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.