নিউজ ডেস্ক,30 মে': আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচতে ইতিহাস সৃষ্টি কৰিলে দক্ষিণ আফ্ৰিকাৰ লেগ স্পীনাৰ ইমৰাণ তাহিৰে ৷ বৃহস্পতিবাৰে অ'ভেল গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনৰ প্ৰথমটো অ'ভাৰতে স্পীনাৰ তাহিৰে বলিং কৰাৰ লগে লগে বিশ্বকাপৰ প্ৰথমখন মেচৰ প্ৰথমটো অ'ভাৰতে স্পীনাৰ হিচাপে বলিং কৰা প্ৰথম জন খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ৷ ইয়াৰ পাছতে দ্বিতীয় বলতে স্পীনাৰ গৰাকীয়ে ইংলেণ্ডৰ অ'পেনাৰ জন বেয়াৰষ্ট'ৰ উইকেট দখল কৰে ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3428618_1.jpg)