ETV Bharat / sports

নিউজিলেণ্ডৰ বিশ্বকাপৰ প্ৰথমখন মেচত বৃহৎ জয়

বৃহৎ জয়ৰে আই চি চি ৰ 12 সংখ্যক এদিনীয়া বিশ্বকাপৰ অভিযান আৰম্ভ কিৱি বাহিনীৰ ৷ 10 উইকেটত পৰাস্ত শ্ৰীলংকা ৷

নিউজিলেণ্ডৰ বিশ্বকাপৰ প্ৰথমখন মেচত বৃহৎ জয়
author img

By

Published : Jun 1, 2019, 9:40 PM IST

স্পৰ্টছ ডেস্ক, ১ জুনঃ কাৰ্ডিফত শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয় নিউজিলেণ্ডৰ ৷ বিশ্বকাপৰ নিজৰ প্ৰথমখন মেচতেই বিধ্বস্ত কৰিলে বিৰোধী পক্ষক ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নিউজিলেণ্ডে ৷ নিউজিলেণ্ডৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ধৰাশায়ী হয় শ্ৰীলংকা দলটো ৷ দলটোৱে 29.2 অভাৰত 136 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ শ্ৰীলংকাৰ হৈ অধিনায়ক দিমুথ কাৰুণাৰাতণেয়ে সৰ্বাধিক অপৰাজিত 52 ৰান কৰে ।

etv bharat
নিউজিলেণ্ডৰ বিশ্বকাপৰ প্ৰথমখন মেচত বৃহৎ জয়

নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে 7 অভাৰত 29 ৰান খৰচ কৰি 3 টা উইকেট লাভ কৰে ৷ ইপিনে লকি ফাৰ্গুচন 3 টা, ট্ৰেণ্ট বল্ট, কলিন ডি গ্ৰেণ্ডহোম, জেমছ নিছাম আৰু মিটচেল ছেণ্টনাৰে 1 টা কৈ উইকেট দখল কৰে ৷ মেট হেনৰীক তেওঁৰ সুন্দৰ বলিঙৰ বাবে মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.