ETV Bharat / sports

38 বছৰীয়া হ'ল 'কেপ্তেইন কুল' - WICKET KEEPER BATSMAN

38 বছৰত ভৰি দিলে ভাৰতৰ উইকেট কীপাৰ বেটছমেন ধোনীয়ে ৷ বৰ্তমান বিশ্বকাপ ক্ৰিকেটৰ বাবে ইংলেণ্ড ভ্ৰমণৰত ধোনীয়ে সতীৰ্থৰ সৈতে পালন কৰিলে জন্মদিন ৷

38 বছৰত ভৰি দিলে ধোনীয়ে
author img

By

Published : Jul 7, 2019, 1:42 PM IST

নিউজ ডেস্ক, 7 জুলাই : 'মাহী' এটা নাম নহয়, ভাৰতীয় ক্ৰিকেটৰ বৰ্ণময় আৱেগ ৷ 'কেপ্তেইন কুল' হিচাপে ক্ৰিকেট প্ৰেমীৰ মাজত পৰিচিত মহেন্দ্ৰ সিং ধোনীৰ জন্ম হৈছিল 1981 চনৰ 7 জুলাই তাৰিখে ৷ বিশ্ব ক্ৰিকেটৰ মহান তাৰকা সকলৰ ভিতৰত অন্যতম ধোনীয়ে দেওবাৰে ভৰি দিলে 38 বছৰত ৷ ৰাঁচীৰ এখন সৰু চহৰত জন্ম গ্ৰহণ কৰা ধোনী ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক আৰু ষ্টাম্পাৰ সকলৰ ভিতৰত অন্যতম ৷

বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি কৰা ধোনীৰ শান্ত - শিষ্ট ব্যৱহাৰে খেলুৱৈ গৰাকীক ক্ৰিকেট তাৰকা হিচাপে গঢ় দিয়াত সহায় কৰিলে ৷ 2007 চনত অনুষ্ঠিত হোৱা ক্ৰিকেট বিশ্বৰ প্ৰথম খন টি - 20 বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ধোনীক অধিনায়ক হিচাপে নিৰ্বাচিত কৰাত আচৰিত হৈ পৰিছিল সকলো ৷ কিন্তু পুনৰবাৰ সকলোকে আচৰিত কৰি আৰু নিজৰ অধিনায়কত্ব শৈলীক প্ৰমাণ কৰি ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই টি - 20 বিশ্বকাপ জয় কৰে ৷ 1983 চনৰ পাছত এইয়া আছিল টীম ইণ্ডিয়াৰ প্ৰথমটো বৃহৎ জয় ৷

38 বছৰত ভৰি দিলে ধোনীয়ে

ইয়াৰ পাছতে ভাৰতীয় এদিনীয়া দলৰ অধিনায়কৰ গুৰু দায়িত্ব বহন কৰা ধোনীয়ে 2011 চনত ভাৰতক এদিনীয়া বিশ্বকাপ উপহাৰ দিয়ে ৷ আইপিএলত চেন্নাই ছুপাৰ কিংছ দলক তিনিবাৰকৈ খিতাপ দখলত মুখ্য ভূমিকা গ্ৰহণ কৰে দলটোৰ অধিনায়ক ধোনীয়ে ৷ 38 বৰ্ষীয় ভাৰতৰ অন্যতম সফল ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতক 200 খন এদিনীয়াত নেতৃত্ব প্ৰদান কৰিছে আৰু ইয়াৰে 110 খনত জয়ী হৈছে ভাৰত ৷ ঘৰুৱা মাটিত অনুষ্ঠিত 73 খন মেচৰ 43 খনতে ভাৰতক জয় প্ৰদান কৰিবলৈ সক্ষম হৈছে খেলুৱৈ গৰাকী ৷

ইয়াৰোপৰি, ভাৰতৰ হৈ ধোনীয়ে 90 খন টেষ্ট, 349 খন এদিনীয়া আৰু 98 খন টি - 20 খেলিছে ৷ উল্লেখ্য যে, ধোনীৰ নামত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক 123 টা ষ্টাম্পিঙৰ অভিলেখ আছে ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.