স্পৰ্টছ ডেস্ক, 7 জুনঃ 2019 বিশ্বকাপত পেৰা কমাণ্ডাৰৰ বলিদান চিহ্ন থকা গ্ল’ভছ ধোনীয়ে পৰিধান কৰা ঘটনাই সৰ্বত্ৰে চৰ্চা লাভ কৰি থকা সময়তে এই সন্দৰ্ভত ধোনী আৰু বিচিচিআইক প্ৰশ্ন আই চি চি ৰ ৷
আই চি চিয়ে কৈছে, এই গ্লভ’ছ পৰিধান কৰা বিষয়টো ৰাজনৈতিক অভিসন্ধি, ধৰ্মীয় অনুভূতি আঘাত হানিব পৰা আৰু বৰ্ণ বৈষম্যৰ সম্পৰ্কৰ উৰ্দ্ধত নথকা বুলি স্পষ্ট কৰক ধোনী আৰু বিচিচিআইয়ে ৷ যদিহে এনে কৰাত ধোনী আৰু বিচিচিআইয়ে সফল হয় তেন্তে এই সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব আই চি চি য়ে ৷
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ প্ৰথমখন বিশ্বকাপ মেচত পেৰা কমাণ্ডৰ বলিদান চিহ্ন থকা গ্ল’ভছ ব্যৱহাৰ কৰিছিল ধোনীয়ে ৷ এই ঘটনাক লৈ বিতৰ্ক হোৱাৰ পিচতেই এই সম্পৰ্কে আই চি চি য়ে স্পষ্টীকৰণ বিচাৰিছে ধোনীৰ লগতে বিচিচিআইক ৷ লক্ষ্যণীয় যে, ভাৰতীয় ক্ৰিকেটক দিয়া অৱদানৰ বাবে 2011 চনত পেৰা কমাণ্ডাৰৰ লেফ্টেন্ট কৰ্ণালৰ মৰ্যাদা প্ৰদান কৰা হৈছিল ধোনীক ৷