নিউজ ডেস্ক, ৭ জুন : এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে শুকুৰবাৰে প্ৰেৰণ কৰা এখন অনুৰোধ পত্ৰ লাভ কৰিছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে । আইচিচিৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বিচিচিআইয়ে পঠিওৱা অনুৰোধ পত্ৰখন লাভ কৰাৰ লগতে এই সম্পৰ্কত এখন বৈঠকত মিলিত হ'ব ।
বিচিচিআইৰ চেয়াৰমেন বিনোদ ৰাইয়ে ইয়াৰ পূৰ্বে জনাইছিল যে, ধোনীক পেৰা কমাণ্ডোৰ বলিদান চিহ্ন থকা গ্ল’ভছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিবলৈ ব'ৰ্ডে আইচিচিলৈ এক লিখিত পত্ৰ প্ৰেৰণ কৰিছিল । তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে, আইচিচিয়ে ইয়াৰ বিৰোধিতা কৰিলে সন্মতি সহকাৰেহে এই গ্ল'ভছ ধোনীয়ে ব্যৱহাৰ কৰিব ।
বিবাদৰ পাছতে আইচিচিয়ে মন্তব্য কৰিছিল যে, এই গ্লভ’ছ পৰিধান বিষয়টো কোনো ৰাজনৈতিক অভিসন্ধি আৰু বৰ্ণ বৈষম্যৰ সৈতে জড়িত নহয় বুলি ধোনী আৰু বিচিচিআইয়ে স্পষ্ট কৰিলেহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব তেওঁলোকে ৷