ETV Bharat / sports

অৱসৰৰ পাছত ৰায়ুডুলৈ সহানুভূতি ক্ৰিকেট পৰিয়ালৰ - সহানুভূতি

বিশ্বকাপৰ বাবে 15 জনীয়া দলত স্থান লাভ নকৰি ক্ষুণ্ণ হৈ পৰা মধ্য়ক্ৰমৰ বেটছমেন অম্বাতি ৰায়ুডুয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ ইয়াৰ পাছতে ক্ৰিকেট পৰিয়ালে সহানুভূতি প্ৰদৰ্শন কৰা দেখা পোৱা গ'ল ৷

অম্বাতি ৰায়ুডু
author img

By

Published : Jul 3, 2019, 8:38 PM IST

নিউজ ডেস্ক, 3 জুলাই : বুধবাৰে ভাৰতৰ মধ্যক্ৰমৰ বেটছমেন অম্বাতি ৰায়ুডুয়ে জীৱনৰ 25 টা বসন্ত ক্ৰিকেটৰ নামত উছৰ্গা কৰাৰ পাছত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ বিশ্বকাপৰ দৰে বৃহৎ প্ৰতিযোগিতাৰ পৰা উপেক্ষিত হোৱাৰ বাবেই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰায়ুডুয়ে ৷ উল্লেখ্য যে, মধ্যক্ৰমৰ বেটছমেন গৰাকীক বিশ্বকাপৰ বাবে বহুবাৰ দলীয় মেনেজমেন্টে অৱজ্ঞা কৰি আহিছিল ৷ বিজয় শংকৰৰ আঘাতৰ পাছতো ৰায়ুডুৰ পৰিৱৰ্তে মায়ংক আগৰৱালে 15 জনীয়া দলত স্থান লাভ কৰাত ক্ষুণ্ণ হৈ পৰিছিল তেওঁ ৷

এই লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হোৱাৰ লগতে ক্ৰিকেট তাৰকা সকলেও মন্তব্য প্ৰকাশ কৰিছে ৷ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিশ্বকাপৰ পৰা উপেক্ষিত হৈ ৰায়ুডু যথেষ্ট দুখিত হৈছে ৷ লগতে তেওঁৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে সেহৱাগে ৷

ETV BHARAT ASSAM
বীৰেন্দৰ সেহৱাগ

মহম্মদ কাইফে এই সন্দৰ্ভত মন্তব্য কৰে যে, দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো ধৰণে কষ্ট কৰাৰ পাছতো দলত স্থান লাভ নকৰি দুখিত হৈ পৰিছিল ৰায়ুডু ৷

ETV BHARAT ASSAM
মহম্মদ কাইফ

ভি. ভি. এছ. লক্ষ্মনে মন্তব্য কৰে, ফৰ্মত থকাৰ পাছতো উপেক্ষিত হোৱা ৰায়ুডুৰ বাবে তেওঁ দুখিত আৰু ৰায়ুডুৰ জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷

ETV BHARAT ASSAM
ভি. ভি. এছ. লক্ষ্মন

ৰায়ুডুৰ আইপিএলৰ স্বত্তাধিকাৰী চেন্নাই ছুপাৰ কিংছেও আশা কৰে যে, তেওঁৰ অৱসৰৰ বাতৰি যেন সত্য নহয় ৷

ETV BHARAT ASSAM
চেন্নাই ছুপাৰ কিংছ

উল্লেখ্য যে, ভাৰতৰ হৈ 55 খনকৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত দলক প্ৰতিনিধিত্ব কৰা ৰায়ুডুয়ে 47.06 গড়েৰে সৰ্বমুঠ 1694 ৰাণ সংগ্ৰহ কৰিছে ৷

CRICKET FRATERNITY SYMPATHISES WITH RAYUDU AFTER RETIREMENT

অৱসৰৰ পাছত ৰায়ুডুলৈ সহানুভূতি ক্ৰিকেট পৰিয়ালৰ

নিউজ ডেস্ক, 3 জুলাই : বুধবাৰে ভাৰতৰ মধ্যক্ৰমৰ বেটছমেন অম্বাতি ৰায়ুডুয়ে জীৱনৰ 25 টা বসন্ত ক্ৰিকেটৰ নামত উছৰ্গা কৰাৰ পাছত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ বিশ্বকাপৰ দৰে বৃহৎ প্ৰতিযোগিতাৰ পৰা উপেক্ষিত হোৱাৰ বাবেই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰায়ুডুয়ে ৷ উল্লেখ্য যে, মধ্যক্ৰমৰ বেটছমেন গৰাকীক বিশ্বকাপৰ বাবে বহুবাৰ দলীয় মেনেজমেন্টে অৱজ্ঞা কৰিছিল ৷ বিজয় শংকৰৰ আঘাতৰ পাছতো ৰায়ুডুৰ পৰিৱৰ্তে মায়ংক আগৰৱালে 15 জনীয়া দলত স্থান লাভ কৰাত ক্ষুণ্ণ হৈ পৰিছিল তেওঁ ৷

এই লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হোৱাৰ লগতে ক্ৰিকেটৰ তাৰকা সকলেও মন্তব্য আগবঢ়াইছে ৷ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিশ্বকাপৰ পৰা উপেক্ষিত হৈ নিশ্চয় দুখিত হৈছে যদিও তেওঁৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে সেহৱাগে ৷

মহম্মদ কাইফে জানিবলৈ দিয়া অনুসৰি, দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো কৰাৰ পাছতো সেই সুবিধা লাভ নকৰি দুখিত হৈ পৰিল তেওঁ ৷

ভি. ভি. এছ. লক্ষ্মনে মন্তব্য কৰে, ফৰ্মত থকাৰ পাছতো উপেক্ষিত হোৱা ৰায়ুডুৰ বাবে দুখিত আৰু তেওঁৰ জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো ৷

ৰায়ুডুৰ আইপিএলৰ স্বত্তাধিকাৰী চেন্নাই ছুপাৰ কিংছেও আশা কৰে যে তেওঁৰ যেন এই বাতৰি সত্য নহয় ৷

উল্লেখ্য যে, ভাৰতৰ হৈ 55 খনকৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত দলক প্ৰতিনিধিত্ব কৰা ৰায়ুডুয়ে 47.06 গড়েৰে সৰ্বমুঠ 1694 ৰাণ সংগ্ৰহ কৰিছে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.