স্পৰ্টছ ডেস্ক, ২ জুন : দেওবাৰে বিশ্বকাপৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব মাছৰাফে মূ্ৰ্তাজা নেতৃত্বাধীন বাংলাদেশ দল । লণ্ডনৰ অ'ভেল গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলগা এইখন মেচত শক্তিশালী দক্ষিণ আফ্ৰিকা দলৰ বিৰুদ্ধে যুঁজত নামিব দলটো । কিন্তু ৩০ বৰ্ষীয় বাংলাদেশৰ বেটছমেন তামিম ইকবালৰ আঘাতে চিন্তাত পেলাইছে বাংলাদেশ শিবিৰক ।
বিশ্বকাপৰ প্ৰথমখন মেচত বাংলাদেশ তাৰোপৰি, প্ৰথম মেচত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে ১০৪ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পাছত দেওবাৰৰ মেচখন দক্ষিণ আফ্ৰিকাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে । সেয়েহে এইখন মেচত জয়ৰ চেষ্টা অব্যাহত ৰাখিব ফাফ ডু প্লেছি নেতৃত্বাধীন দক্ষিণ আফ্ৰিকাৰ দলটোৱে । লগতে ইংলেণ্ডৰ বিৰুদ্ধে দলটোৰ বলাৰ সকলে ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ পাছতে চিন্তিত হৈ পৰিছে দলটোৰ মেনেজমেন্ট ।