ETV Bharat / sports

25 জুন ১৯৮৩: ভাৰতৰ প্ৰথমখন এদিনীয়া বিশ্বকাপ খিতাপ জয়

author img

By

Published : Jun 25, 2021, 12:43 PM IST

টীম ইণ্ডিয়াই ১৯৮৩ চনৰ ফাইনেলত বহু প্ৰশংসিত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমখন এদিনীয়া বিশ্বকাপ খিতাপ জয় কৰিছিল ৷ ৩৮ বছৰ পূৰ্বে 25 জুনৰ দিনটোত টীম ইণ্ডিয়াই দুবাৰকৈ ৱৰ্ল্ডকাপ বিজয়ী ৱেষ্ট ইণ্ডিজক 43 ৰাণত পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল ৷

25 June 1983: India win first ODI World Cup title
25 জুন ১৯৮৩: ভাৰতৰ প্ৰথমখন এদিনীয়া বিশ্বকাপ খিতাপ জয়

স্পৰ্টচ ডেস্ক, 25 জুন : ৩৮ বছৰ পূৰ্বে 25 জুনৰ দিনটোতে টীম ইণ্ডিয়াই ১৯৮৩ চনৰ ফাইনেলত বহু প্ৰশংসিত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমখন এদিনীয়া বিশ্বকাপ খিতাপ জয় কৰিছিল । ঐতিহাসিক এই দিনটো লৰ্ডছত সেই সময়ত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট বিজয়ৰ দৃশ্য আছিল কিয়নো টীম ইণ্ডিয়াই দুবাৰকৈ বিজয়ী ৱেষ্ট ইণ্ডিজক 43 ৰাণত পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল ৷

লৰ্ডছত কপিল দেৱৰ নেতৃত্বত টীম ইণ্ডিয়াৰ জয়ে ভাৰতীয় ক্ৰিকেটৰ চেহেৰা সলনি কৰিছিল ৷ ক্ৰিকেট এক ৰাষ্ট্ৰীয় আৱেগ হৈ পৰিছিল ৷ ই বাকী বিশ্বক প্ৰথম বাৰলৈ বিশ্বাস কৰিবলৈ বাধ্য কৰিছিল যে এছিয়াৰ দলবোৰো বিশ্ব খিতাপ জিকিবলৈ সক্ষম ।

ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ পূৰ্বৰ ফেভাৰিট আছিল । ভাৰতে ক্ৰমে ছেমি ফাইনেল আৰু ফাইনেলত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি সন্মানীয় খিতাপ জয় কৰি প্ৰতিকূলতাক অস্বীকাৰ কৰে ।

মন কৰিবলগীয়া যে, দুবাৰকৈ বিজয়ী ৱেষ্ট ইণ্ডিজ বিশ্বকাপ খিতাপৰ হেট্ৰিকৰ সন্ধানত আছিল ৷ ফাইনেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহিছিল ৷ কিন্তু এক দুৰ্দান্ত ভাৰতীয় বলিং লাইন-আপৰ দ্বাৰা হতবাক হ'ব লাগিছিল ৱেষ্ট ইণ্ডিজৰ দলটোৱে ৷

উল্লেখ্য যে, প্ৰথমে বেটিং কৰি ভাৰতে ৫৪.৫ অভাৰত ১৮৩ ৰাণত সংগ্ৰহ কৰিছিল আৰু ভাৰতৰ হৈ শ্ৰীকান্তে সৰ্বাধিক ৩৮ ৰাণৰ বৰঙনি আগবঢ়াইছিল ৷ বিপক্ষত ভাৰতৰ দুৰ্দান্ত বলিঙৰ আক্ৰমণত ৱেষ্ট ইণ্ডিজে ১৪০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

ভাৰতৰ হৈ মহিন্দৰ অমৰনাথ আৰু মদন লাল বলিং তাৰকা আছিল যিয়ে তিনিটা কৈ উইকেট দখল কৰি ভাৰতক 43 ৰাণৰ ঐতিহাসিক বিজয় সম্ভৱ কৰি তুলিছিল ৷

লগতে পঢ়ক : ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.