ETV Bharat / sports

সন্ন্যাসৰ পিচত প্ৰথমটো অৰ্ধশতক যুৱৰাজৰ

গ্ল’ৱেল টি-20 লীগত ভাল প্ৰদৰ্শন যুৱৰাজৰ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ পাচত টৰেণ্ট’ নেশ্বন্যেলছৰ হৈ কানাডাত অনুষ্ঠিত টি-20 লীগত অংশ লৈছে খেলুৱৈগৰাকীয়ে ৷

সন্ন্যাসৰ পিচত প্ৰথমটো অৰ্ধশতক যুৱৰাজৰ
author img

By

Published : Aug 4, 2019, 1:17 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্টঃ ব্ৰাম্পটন ৱ’ল্বছৰ বিৰুদ্ধে চমকপ্ৰদ বেটিং প্ৰদৰ্শন যুৱৰাজ সিঙৰ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ পাচত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিলে যুৱৰাজ সিঙে৷ খেলখনত ব্ৰাম্পটন ৱ’ল্বছে টৰেণ্ট’ নেশ্বন্যেলছৰ আমন্ত্ৰণ মৰ্মে 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 222 ৰান ৷ দলটোৰ হৈ সৰ্বাধিক ৰান কৰে জৰ্জ মুনছেয়ে 36 টা বলত 66 ৰান আৰু বাবৰ হায়াতে 18 টা বলত 48 ৰান ৷

ইয়াৰ প্ৰত্যুত্তৰত 211 ৰান কৰিবলৈ সক্ষম হয় টৰেণ্ট’ নেশ্বন্যেলছে ৷ খেলখনত যুৱৰাজ সিঙে 21 টা বলত বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ য’ত থাকে পাঁচটা ছয় আৰু তিনিটা চাৰি ৷ অৱশ্যে 16 অভাৰত যুৱৰাজৰ উইকেটৰ পতনৰ পিচতেই দলটোৱে পৰাজয়ৰ সন্মুখীন হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.