স্পৰ্টছ ডেস্ক, 21 জুনঃ যুৱৰাজৰ অনুৰাগীৰ বাবে এক সুখবৰ ৷ পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পাব নিজৰ ভাল লগা খেলুৱৈগৰাকীক ৷ কিছুদিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস লৈছিল ভাৰতক দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দিয়াত মুখ্য অৰিহণা যোগোৱা যুৱৰাজ সিঙে ৷
বৃহস্পতিবাৰে কানাডা টি-20 লীগৰ বাবে টৰেণ্টো নেশ্বনেল্ছ দলত বিদেশী খেলুৱৈ হিচাপে চুক্তিৱদ্ধ হৈছে যুৱৰাজ ৷ যুৱৰাজৰ লগতে এই দলত থাকিব নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ ব্ৰেণ্ডন মেক্কুলাম, ৱেষ্ট ইণ্ডিজৰ কাইৰণ পলাৰ্ড ৷ 6 টা দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টখন অহা 25 জুলাইত আৰম্ভ হোৱাৰ বিপৰীতে অন্ত পৰিব 11 আগষ্টত ৷ এই লীগৰ এইটো দ্বিতীয় সংস্কৰণ ৷
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ পাচতেই বিচিচিআইৰ পৰা কানাডা টি-20 লীগত খেলাৰ অনুমতি বিচাৰিছিল যুৱৰাজ সিঙে ৷