ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ : ছেমিফাইনেলত ভাৰত - ছেফালি বাৰ্মাক মেন অফ দ্য মেচ ঘোষণা

নিউজিলেণ্ডক পৰাস্ত কৰি আইচিচি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত ৷ টুৰ্ণামেণ্টত ধাৰাবাহিক তৃতীয়খন মেচত জয় লাভ ভাৰতৰ ৷

India beat Newzealand,  Women's T20 World cup,মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলত ভাৰত
মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলত ভাৰত
author img

By

Published : Feb 27, 2020, 1:08 PM IST

স্পৰ্টছ ডেস্ক, 27 ফেব্ৰুৱাৰী : নিউজিলেণ্ডক পৰাস্ত কৰি আইচিচি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ এখন ৰোমাঞ্চকৰ মেচত 4 ৰানত জয় লাভ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ ৷

India beat Newzealand,  Women's T20 World cup,মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলত ভাৰত
4 ৰানত পৰাস্ত নিউজিলেণ্ড

প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত ভাৰতে 8 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 133 ৰান ৷ ভাৰতীয় সময় অনুসৰি মেলৱৰ্ণৰ জংচন অ’ভেল ষ্টেডিয়ামত পুৱা 9 বাজি 30 মিনিটৰ পৰা অনুষ্ঠিত হৈছিল মেচখন ৷ ভাৰতৰ হৈ ছেফালি বৰ্মাই 46, স্মৃতি মন্দানাই 11, তানিয়া ভাটিয়া 23, জেমিমাহ ৰড্ৰিগেজ 10, হৰমনপ্ৰীট কৌৰ 1, দিপ্তী শৰ্মাই 8, বেদা কৃষ্ণামূৰ্তীয়ে 6, ৰাধা যাদৱে 14 আৰু শিখা পাণ্ডেয়ে অপৰাজিত 10 ৰান কৰিবলৈ সক্ষম হয় ৷ নিউজিলেণ্ডৰ হৈ ৰছমেৰী মাইৰ আৰু এমেলিয়া কেৰে 2 টাকৈ উইকেট দখল কৰে ৷

মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলটোৱে 20 অভাৰত 6 উইকেট হেৰুৱাই 129 ৰান কৰিবলৈ সক্ষম হয় ৷ নিউজিলেণ্ডৰ হৈ এমেলিয়া কেৰে অপৰাজিত 34 ৰান কৰাৰ বিপৰীতে মেডি গ্ৰীণে 24 আৰু কেটে মাৰ্টিনে 25 ৰানৰ বৰঙণি দিয়ে ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মা, শিখা পাণ্ডে, ৰাজশ্ৰী গায়কোৱাৰ্ড, পুনম যাদৱ, ৰাধা যাদৱে 1 টাকৈ উইকেট লাভ কৰে ৷ মেচখনত ছেফালি বাৰ্মাক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

India beছেফালি বাৰ্মাক মেন অফ দ্য মেচ ঘোষণা at Newzealand,  Women's T20 World cup,মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলত ভাৰত
ছেফালি বাৰ্মাক মেন অফ দ্য মেচ ঘোষণা

ভাৰতে ইয়াৰ পূৰ্বে প্ৰথমখন মেচত চাৰিবাৰৰ বিশ্বচেম্পিয়ন অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি শক্তিশালী ৰূপে টুৰ্ণামেণ্টৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে দ্বিতীয়খন মেচত বাংলাদেশ দলক 18 ৰানত পৰাস্ত কৰিছিল ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.