স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ : আজি অনুষ্ঠিত হ'ব মহিলা টি-20 চেলেঞ্জৰ তৃতীয় মেচ ৷ মেচত অৱতীৰ্ণ হ'ব হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ছুপাৰন'ভাছ আৰু স্মৃতি মান্ধানা নেতৃত্বাধীন ট্ৰেইলব্লেজাৰছ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছুপাৰন'ভাছে ৷
ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ছুপাৰন'ভাছ দলে আজিৰ মেচত জয়ী হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ উল্লেখ্য যে, মহিলা টি-20 চেলেঞ্জৰ ডিফেণ্ডিং চেম্পিয়ন ছুপাৰন'ভাছে টুৰ্ণামেন্টৰ প্ৰথমখন মেচত ভেল'চিটীৰ বিৰুদ্ধে পাঁচ উইকেটত পৰাস্ত হৈছিল ৷ আনহাতে, দ্বিতীয় মেচত ট্ৰেইলব্লেজাৰৰ বিৰুদ্ধে 9 উইকেটত পৰাস্ত হৈছিল ভেল'চিটী ৷
স্মৃতি মান্ধানাৰ ট্ৰেইলব্লেজাৰছেও ফাইনেলত স্থান দখলৰ বাবে ছুপাৰন'ভাছৰ বিৰুদ্ধে জয়ী হোৱাৰ চেষ্টা চলাব ৷
স্মৃতি : মই প্ৰথমে ফিল্ডিং কৰিব বিচাৰিছো ৷ মোৰ টছ ৰেকৰ্ড ভাল নহয় আৰু অন্তিমখন মেচতো ভাল নাছিল ৷ কিন্তু প্ৰথমে বলিং কৰিবলৈ পাই মই সুখী ৷ কালি আমি বিৰতি লাভ কৰিছিলো, পুৰুষৰ আইপিএল চালো আৰু আজিৰ মেচৰ বাবে সাজু হৈছো ৷ পূৰ্বৰ তুলনাত উইকেট ভাল হ'ব যেন অনুভৱ হৈছে ৷ আমি একেটা দলেৰেই মেচত অংশগ্ৰহণ কৰিম ৷
হৰমনপ্ৰীত : আমি প্ৰথমে বেটিং কৰিম ৷ এই মেচত আমি জয়ী হ'বই লাগিব আৰু প্ৰথমে বেটিং কৰিলে আমাৰ বাবে কিছু অগ্ৰাধিকাৰ থাকিব যিহেতু আমি এজন অতিৰিক্ত স্পীনাৰ দলত অন্তৰ্ভূক্ত কৰিছো ৷ আমাৰ সকলোৱে নেটত ভাল প্ৰদৰ্শন কৰিছে ৷
স্কোৱাড :
ট্ৰেইলব্লেজাৰছ : ডিয়ান্দ্ৰা দতিন, স্মৃতি মান্ধানা, ৰিচা ঘোষ, হাৰ্লিন দেউল, দিপ্তী শৰ্মা, দায়ালান হেমলতা, নাট্টাকান চান্টাম, ছালমা খাটুন, ছফী একলেছটন, ৰাজেশ্বৰী গায়কৱাড, ঝুলন গোস্বামী ৷
ছুপাৰন'ভাছ : প্ৰিয়া পুনিয়া, চামাৰী আট্টাপাটু, জেমিমা ৰড্ৰিগাছ, হৰমনপ্ৰীত কৌৰ, শশীকলা শিৰিৱৰ্ধনে, ৰাধা যাদৱ, অনুজা পাটিল, শাকেৰা ছেলমান, তানিয়া ভাটিয়া, পুনম যাদৱ, আয়াবংগা খাকা ৷
লগতে পঢ়ক : বেংগালুৰৰ অনুৰাগীলৈ আৱেগিক নোট বিৰাট কোহলীৰ