নিউজ ডেস্ক, ২৪ এপ্ৰিল: ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ট ক্ৰিকেটাৰ তথা লিটল মাষ্টাৰখ্যাত শচীন টেণ্ডুলকাৰে বুধবাৰে ৪৬ সংখ্যক জন্মদিন পালন কৰে । টুইটাৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰা ভাৰতীয় ক্ৰীড়া জগতৰ অন্য কিংবদন্তি সকলৰ ভিতৰত আছে ভিভিএছ লক্ষ্মণ, হৰভজন সিং, আজিংকা ৰাহাণে, কুলদীপ যাদৱ, আকাশ চোপ্ৰা, চেতেশ্বৰ পূজাৰা, সুশীল কুমাৰ আদি । বলীউদৰ অভিনেতা অভিষেক বচ্চন, ছাহিদ কাপুৰ, ৰিতেশ দেশমুখেও শুভকামনা যাচে শচীনক ।
বিশ্ব ক্ৰিকেটত ১০০ টা শতক অৰ্জন কৰা খেলুৱৈগৰাকীৰ নামত আছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ অভিলেখ । ইয়াৰ ভিতৰত আছে টেষ্ট ক্ৰিকেটত ৫১ টা আৰু এদিনীয়াত ৪৯ টা শতক । বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমান আইপিএলৰ মুম্বাই ইণ্ডিয়ানছ দলৰ মেন্টৰ হিচাপে দায়িত্ব পালন কৰি আছে ।