স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ: ইংলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-20 মেচত জয় লাভ নিউজিলেণ্ডৰ ৷ 21 ৰানত জয় লাভ কৰি পাঁচ মেচৰ টি-20 শৃংখলাত 1-1 ৰ সমতা স্থাপন নিউজিলেণ্ডৰ ৷ দেওবাৰে অনুষ্ঠিত মেচখনত টছত পৰাজয়ৰ সন্মুখীন হৈ প্ৰথমে বেটিং কৰিবলৈ আহি নিউজিলেণ্ড দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 176 ৰান ৷ নিউজিলেণ্ডৰ হৈ মাৰ্টিন গুপটিলে 41, কলিন মুনৰুৱে 7, টিম ছাইফৰ্টে 16, কলিন ডি গ্ৰেণ্ডহোমে 28, ৰছ টেইলৰে 28, জেমছ নিছমে 42, ডাৰ্য়েল মিটচেল 5 , মিটচেল চেণ্টনাৰে 0, টিম ছাউদীয়ে 4 ৰান কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ জৰ্ডানে সৰ্বাধিক 3 টা, ছেম কৰণে 2 টা, ছাকিব মাহম্মুদ, আদিল ৰাছিদ, লেৱিছ জৰ্জীয়ে 1 টাকৈ উইকেট লাভ কৰে ৷
![ৱেলিংটন টি-20ত 21 ৰানত জয় লাভ নিউজিলেণ্ডৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4948937_a-2.jpg)
ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড দলটোৱে 19.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 155 ৰান ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক 39 ৰান কৰে ডাৱিড মালানে ৷ ইপিনে জনী বেয়াৰেষ্ট’ৱে 0, জেমছ ভিন্সে 1, ইয়ন মৰ্গানে 32, ছেম ব্লিংছে 8, ছেম কৰণে 9, লেৱিছ জৰ্জীয়ে 15, ক্ৰীছ জৰ্ডানে 36, আদিল ৰাছিদে 4, ছাকিব মাহম্মুদে 4, পেট্ৰিক ব্ৰাউনে 4 ৰানৰ বৰঙণি দিয়ে ৷ নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 3 টা উইকেট লাভ কৰে মিটচেল চেণ্টনাৰে ৷ আনহাতে টিম ছাউদী, লকি ফাৰ্গোছন, ইছ ছডীয়ে 2টাকৈ উইকেট লাভ কৰাৰ বিপৰীতে 1 টা উইকেট দখল কৰে ডাৰ্য়েল মিটচেলে ৷ মেচখনত মিটচেল চেণ্টনাৰক ‘‘প্লেয়াৰ অফ দ্য মেচ’’ ঘোষণা কৰা হয় ৷ দুয়োটা দলৰ মাজত তৃতীয়খন টি-20 মেচ অনুষ্ঠিত হ’ব অহা 5 নৱেম্বৰত ৷
- লগতে চাওক- ভাৰত-বাংলাদেশ: দিল্লীত আজি প্ৰথমখন টি-20 মেচ