ETV Bharat / sports

আমি কেৱল সন্মান বিচাৰো : ডোৱেন ব্ৰেভ'

টি-20 বিশ্বকাপৰ বিজয়ী ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অধিনায়ক ডেৰেণ ছেমীৰ আইপিএলত বৰ্ণ বৈষম্যক লৈ বিস্ফোৰক অভিযোগৰ পাচতেই এইবাৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে সতীৰ্থ খেলুৱৈ ডোৱেন ব্ৰেভ'ই ।

author img

By

Published : Jun 10, 2020, 12:26 PM IST

'We just want respect': Dwayne Bravo speaks on racism

স্পৰ্টছ ডেস্ক, 10 জুনঃ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ টি-20 বিশ্বকাপ বিজয়ী অধিনায়ক ডেৰেণ ছেমীৰ বৰ্ণ বৈষম্যকলৈ বিস্ফোৰক অভিযোগ উত্থাপনৰ পাচতেই এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া আগবঢ়াইছে তেওঁৰ সতীৰ্থ তথা অলৰাউণ্ডাৰ খেলুৱৈ ডোৱেন ব্ৰেভ'ই । বুধবাৰে বৰ্ণ বৈষম্যক লৈ খেলুৱৈগৰাকীয়ে কয়, "আমি কেৱল সমতা বিচাৰো । আমি প্ৰতিশোধ অথবা যুদ্ধ নিবিচাৰো, আমি কেৱল সন্মান বিচাৰো ।"

আমি কেৱল সন্মান বিচাৰো : ডোৱেন ব্ৰেভ'
আমি কেৱল সন্মান বিচাৰো : ডোৱেন ব্ৰেভ'

শেহতীয়াকৈ জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাচত সমগ্ৰ বিশ্বতেই বৰ্ণ বৈষম্যক লৈ প্ৰতিবাদ চলি থকাৰ মাজতেই ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰ ডেৰেণ ছেমীয়ে আইপিএলৰ 2014 সংস্কৰণত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি থকাৰ সময়ত তেওঁৰ লগত বৰ্ণ বৈষম্য কৰা হৈছিল বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল । সেই সময়ত দলৰ সতীৰ্থ খেলুৱৈসকলে তেওঁৰ লগতে শ্ৰীলংকান ক্ৰিকেটাৰ থিছাৰা পেৰাৰাক "কালু" বুলি মাতিছিল বুলি এক ভিডিঅ' যোগে উত্থাপন কৰিছিল এই অভিযোগ । আনকি সেই সময়ত তেওঁ ইয়াৰ অৰ্থ বুজি পোৱা নাছিল আৰু শেহতীয়াকৈ ইয়াৰ অৰ্থ বুজিব পাৰি ক্ষোভিত হৈ পৰিছিল খেলুৱৈগৰাকী । তেওঁ কৈছিল এই শব্দটো কলাবৰণৰ লোকৰ বাবে এক অসন্মানজনক শব্দ ।

ডেৰেণ ছেমী
ডেৰেণ ছেমী

উল্লেখ্য যে, এই সন্দৰ্ভতেই বুধবাৰে ব্ৰেভ'ই জিম্বাৱেৰ খেলুৱৈ পমি এমবাংগাৰ সৈতে ইনষ্টাগ্ৰাম ভিডিঅ' চেটত নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে । খেলুৱৈগৰাকীয়ে কয়, বিশ্বত যি ঘটি আছে সেয়া দুখঃজনক । কলাবৰণৰ লোক সকল কেনে পৰিস্থিতি পাৰ কৰি আহিছে আমি ইতিহাস জানো । আমি কেতিয়াও প্ৰতিশোধৰ কথা কোৱা নাই, আমি কেৱল সমতা আৰু সন্মান বিচাৰিছো । আমিও আনক সন্মান কৰি আহিছো । কিন্তু কিয় বছৰ-বছৰ ধৰি আমি এই সমস্যা ভোগি আহিবলগীয়া হৈছে বুলিও দোষ প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.