স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: দিল্লীৰ অৰুণ জেটলী ষ্টেডিমায়ত দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত বাংলাদেশৰ মাজত প্ৰথমখন টি-20 মেচ ৷ ভাৰত-বাংলাদেশৰ মেচখনৰ পূৰ্বে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি বাংলাদেশৰ অধিনায়ক মহম্মদুল্লাহই কয়, আমাৰ দলটোৱে পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সক্ষম হৈছে ৷ আমাৰ সম্পূৰ্ণ মনযোগ কেৱল মেচখনক লৈ কেন্দ্ৰীভূত হৈ আছে ৷
দৰাচলতে দিল্লীত অত্যাধিক প্ৰদূষণৰ ফলতেই মেচখন অনুষ্ঠিত কৰা নকৰাক লৈ যথেষ্ট চৰ্চা চলিছিল ৷ এই সন্দৰ্ভতে খেলুৱৈগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে ৷ মহম্মদুল্লাহই ইয়াৰ লগতে উল্লেখ কৰে, প্ৰদূষণ সন্দৰ্ভত আমি আলোচনা কৰিছো, কিন্তু এইয়া আমাৰ হাতত নাই ৷ আমাৰ বাবে মেচখনৰ ওপৰত মনোযোগ প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ ৷ দলটোৱে তিনিদিন ধৰি ইয়াত অনুশীলন কৰি আছে আৰু বৰ্তমান পৰিস্থিতি অনুসৰি দলটোৱে নিজকে ঢালিবলৈ সক্ষম হৈছে ৷
![অৰুণ জেটলী ষ্টেডিমায়ত অনুশীলন বাংলাদেশ দলৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4941408_1.jpg)
বাংলাদেশৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে 3 খন টি-20 আৰু 2 খন টেষ্ট মেচত অৱতীৰ্ণ হ’ব ৷ প্ৰথমখন টি-20 মেচ তিনি নৱেম্বৰ অৰ্থাৎ দেওবাৰে দিল্লীত অনুষ্ঠিত হ’ব ৷