ETV Bharat / sports

মই শিশুকালৰে পৰাই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী: অৰ্জুন তেণ্ডুলকাৰ - প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ

আইপিএল নিলামত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰাৰ পাচতে অৰ্জুন তেণ্ডুলকাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ নিজকে দলটোৰ অনুৰাগী বুলি জানিবলৈ দিয়ে ৷

আইপিএল
অৰ্জুন তেণ্ডুলকাৰ
author img

By

Published : Feb 19, 2021, 3:57 PM IST

Updated : Feb 19, 2021, 4:05 PM IST

স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আইপিএল, 2021 ৰ নিলামত প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছ দলে ৷ এই সম্পৰ্কত অৰ্জুনে মন্তব্য কৰে যে, তেওঁ শিশুকালৰ পৰাই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী ৷

মুম্বাই ইণ্ডিয়ানছে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা এক ভিডিঅ'ত অৰ্জুনে কয়, "শিশুকালৰ পৰাই মই মুম্বাই ইণ্ডিয়ানছ দলৰ অনুৰাগী ৷ মোৰ ওপৰত বিশ্বাস ৰখা বাবে মই প্ৰশিক্ষকসকল, দলৰ স্বত্বাধিকাৰী আৰু ষ্টাফক ধন্যবাদ জনাব বিচাৰিছো ৷ মই মুম্বাই পল্টনত যোগ দিবলৈ অধিৰ আগ্ৰহেৰে বাট চাইছো ৷"

উল্লেখ্য যে, বৃহস্পতিবাৰৰ নিলামত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে অৰ্জুনৰ উপৰি ক্ৰয় কৰে নাথান কল্টাৰ নাইল, জিমী নিছাম, য়ুধবীৰ চাৰাক, মাৰ্ক' জেনছেন আৰু পিয়ুশ চাওলাক ৷ মুম্বাই দলে অৰ্জুনক 20 লাখ টকাত ক্ৰয় কৰে ৷

মুম্বাই দলৰ 'ডাৰেক্টৰ অৱ ক্ৰিকেট অপাৰেচন' জাহিৰ খানে কয় যে, আগন্তুক আইপিএলত অল ৰাউণ্ডাৰ অৰ্জুনে নিজকে প্ৰমাণ কৰি দেখুৱাব লাগিব ৷

এক ভাৰ্চুৱেল প্ৰেছ কনফাৰেন্সত জাহিৰে কয়, "মই অৰ্জুনৰ সৈতে বহু সময় নেটত কটাইছো, তেওঁ বহু পৰিশ্ৰম কৰে আৰু শিকাৰ বহু ইচ্ছুক, এয়া এক যোগাত্মক দিশ ৷ শচীন তেণ্ডুলকাৰৰ সন্তান হোৱাটো তেওঁৰ বাবে এক অতিৰিক্ত চাপ, এই কথাটো তেওঁ আওকাণ কৰিব নোৱাৰে আৰু দলৰ পৰিৱেশে তেওঁক সহায় কৰিব ৷"

জাহিৰ খানে লগতে কয়, "তেওঁক এজন ভাল ক্ৰিকেটাৰ হোৱাত সহায় কৰিব, নিলামত ক্ৰয় কৰা যুৱ খেলুৱৈ সম্পৰ্কত সকলোৱে আলোচনা কৰে, সেয়েহে তেওঁ নিজক প্ৰমাণ কৰিব লাগিব আৰু তেওঁৰ দক্ষতা দেখুৱাব লাগিব ৷"

লগতে পঢ়ক : যুৱৰাজ সিঙৰ বিৰুদ্ধে হৰিয়ানাত গোচৰ ৰুজু

Last Updated : Feb 19, 2021, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.