স্পৰ্টছ ডেস্ক, ৪ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবে ধন সংগ্ৰহ কৰিবলৈ পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ৱাছিম আকৰাম আৰু ইংলেণ্ডৰ প্ৰাক্তন দ্ৰুততম বলাৰ ডেৰেন গফে নিজৰ পুৰণি দিনৰ বহু স্মৰণীয় সামগ্ৰী নিলাম কৰাৰ কথা কথা চিন্তা কৰিছে ।
![ৱাছিম আকৰাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/akram_0404newsroom_1585983322_271.jpg)
চেন্টাৰ ফৰ্ ডিজাষ্টাৰ ফিলেনট্ৰফীৰ হৈ গফ আৰু আকৰামে স্মৰণীয় সামগ্ৰী সমূহ নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আকৰম টেষ্ট আৰু এদিনীয়াত পাকিস্তানৰ হৈ সৰ্বাধিক উইকেট লোৱা খেলুৱৈ । ১০৪ খন টেষ্ট মেচত ৪১৪ টা উইকেট লোৱাৰ বিপৰীতে ৩৫৬ খন এদিনীয়াত তেওঁৰ নামত আছে ৫০২ টা উইকেট । তেওঁৰ দ্বাৰা স্বাক্ষৰিত এটা বেট আৰু বল নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
![ডেৰেন গফ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/gough_0404newsroom_1585983322_1074.jpg)
আনহাতে ইংলেণ্ডৰ হৈ এদিনীয়াত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হৈছে গফ । গফেও স্বাক্ষৰিত এটা বল নিলামৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে ইংলেণ্ডৰ জছ বাটলাৰে ২০১৯ বিশ্বকাপৰ জাৰ্ছী নিলাম কৰাৰ কথা প্ৰকাশ কৰিছে । অন্যান্য় বহু খেলুৱৈয়ে সহায়ৰ বাবে আগবাঢ়ি আহিছে এই সংকট কালৰ সময়ত ।