ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 11 বছৰ সম্পূৰ্ণ কোহলিৰ - 11th anniversary

2019 চনৰ 18 আগষ্টত কোহলিয়ে সম্পূৰ্ণ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ 11 বছৰ ৷ এই বিশেষ দিনটোৰ উপলক্ষে অনুৰাগীয়ে টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈগৰাকীক ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 11 বছৰ সম্পূৰ্ণ কোহলিৰ
author img

By

Published : Aug 19, 2019, 1:54 PM IST

স্পৰ্টছ ডেস্ক, 19 আগষ্টঃ 2008 চনৰ 18 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভুমুকি মাৰিছিল ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ 2019 চনৰ 18 আগষ্টত খেলুৱৈগৰাকীয়ে সম্পূৰ্ণ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ 11 বছৰ ৷ এই বিশেষ দিনটোত ক্ৰিকেট তথা বিৰাট অনুৰাগীয়ে টুইটাৰ যোগে শুভেচ্ছাবাণী জ্ঞাপন কৰে খেলুৱৈগৰাকীক ৷

  • From starting as a teenager on the same day in 2008 to reflecting on the journey 11 years after, I couldn't have dreamt of the blessings God has showered me with. May you all get the strength and power to follow your dreams and always follow the right path. 🇮🇳🙏😇#forevergrateful pic.twitter.com/sTZ7tKEoMz

    — Virat Kohli (@imVkohli) August 19, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে কোহলিয়েও টুইটাৰ একাউণ্টত এই বিশেষ দিনটোক লৈ এক টুইট কৰে ৷ কোহলিয়ে কয়, 18 আগষ্টৰ দিনটোতেই মই মোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাতনি মেলিছিলো ৷ এতিয়া 11 বছৰ সম্পূৰ্ণ কালত মই আশা কৰো এনেদৰেই মই মোৰ সপোনলৈ সঠিক পথে আগবাঢ়ি যাম ৷ ইয়াৰ লগতে ভগৱানকো ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে ৷

2008 চনত শ্ৰীলংকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত অভিষেক ঘটিছিল বিৰাটৰ ৷ য’ত 18 ৰান কৰি আউট হৈছিল কোহলি ৷ 2009 চনত প্ৰথমটো শতক অৰ্জন কৰিছিল বিৰাট কোহলিয়ে ৷ বৰ্তমান এদিনীয়া ক্ৰিকেটত বিৰাটৰ নামত আছে 43 টা শতক ৷ শচীন তেণ্ডুলকাৰৰ পাচতেই দ্বিতীয় স্থানত আছে বিৰাট কোহলি ৷

IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.