ETV Bharat / sports

'স্কীপাৰ' ধোনীৰ বাবে আবেগিক নোট বিৰাট কোহলীৰ - আইচিচিৰ সকলো ট্ৰফী দখল কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক এম. এছ. ধোনী

কোহলীয়ে কয় যে, দেশৰ বাবে ধোনীৰ অৱদানে সদায় দেশবাসীৰ অন্তৰত স্থান পাই থাকিব ৷

ধোনীৰ অৱসৰ সম্পৰ্কত কোহলীৰ মন্তব্য
'স্কীপাৰ' ধোনীৰ বাবে আবেগিক নোট বিৰাট কোহলীৰ
author img

By

Published : Aug 16, 2020, 10:43 AM IST

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে শনিবাৰে 'স্কীপাৰ' মহেন্দ্ৰ সিং ধোনীৰ বাবে এক সুন্দৰ আৱেগিক নোট লিখি চ'ছিয়েল মিডিয়াৰ জৰিয়তে পোষ্ট কৰিছে৷ শনিবাৰে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ৷

  • Every cricketer has to end his journey one day, but still when someone you've gotten to know so closely announces that decision, you feel the emotion much more. What you've done for the country will always remain in everyone's heart...... pic.twitter.com/0CuwjwGiiS

    — Virat Kohli (@imVkohli) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কোহলীয়ে কয় যে, দেশৰ বাবে ধোনীৰ অৱদানে সদায় দেশবাসীৰ অন্তৰত স্থান পাই থাকিব ৷

উল্লেখ্য যে, আইচিচিৰ সকলো ট্ৰফী দখল কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক হৈছে এম. এছ. ধোনী ৷ 'কেপ্টেইন কুল' হিচাপে সদা পৰিচিত উইকেট-কীপাৰ বেটছমেন ধোনী ক্ৰিকেটৰ পথাৰত শান্ত স্বভাৱৰ বাবে জনপ্ৰিয় ৷

ভাৰতীয় অধিনায়কগৰাকীয়ে লগতে কয় যে, ধোনীৰ পৰা লাভ কৰা সন্মান সদায় তেওঁৰ অন্তৰত থাকিব ৷

'স্কীপাৰ' ধোনীৰ অৱসৰ ঘোষণা

কোহলীয়ে টুইটাৰৰ জৰিয়তে কয়, "প্ৰতিজন ক্ৰিকেটাৰৰ কেৰিয়াৰৰ এদিন অন্ত পৰে, কিন্তু অতি ওচৰৰ পৰা পোৱা কোনো লোকে অৱসৰৰ কথা ঘোষণা কৰিলে অধিক আৱেগিক হৈ পৰা যায় ৷ দেশলৈ আপোনাৰ অৱদানে সকলোৰে অন্তৰত স্থান পাব ৷"

তেওঁ লগতে কয়, "কিন্তু আপোনাৰ পৰা পোৱা সন্মান আৰু উষ্মা সদায় মোৰ সৈতে থাকিব ৷ বিশ্বই আপোনাৰ সফলতা দেখিছে, মই আপোনাক এজন মানুহ হিচাপে পাইছো ৷ সকলোৰে বাবে ধন্যবাদ অধিনায়ক ৷ মই আপোনাৰ ওচৰত শিৰণত কৰিছো @msdhoni৷"

  • but the mutual respect and warmth I've received from you will always stay in mine. The world has seen achievements, I've seen the person. Thanks for everything skip. I tip my hat to you 👏🇮🇳 @msdhoni

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে ধোনীক ভাৰতীয় ক্ৰিকেটৰ 'সঁচা কিংবদন্তি' বুলি মন্তব্য কৰে ৷ টুইটাৰৰ জৰিয়তে আফ্ৰিদীয়ে কয়, "ভাৰতীয় ক্ৰিকেটৰ সঁচা কিংবদন্তি আৰু অন্যতম শ্ৰেষ্ঠ অধিনায়ক এম. এছ. ধোনীক মহান কেৰিয়াৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো ৷ ভৱিষ্যতৰ বাবে অশেষ শুভেচ্ছা থাকিল ৷"

  • One of the true legends of Indian cricket and one of the greatest captains, congratulations on a great career MS Dhoni! All the best for your future. https://t.co/ruw8hQ5z8Z

    — Shahid Afridi (@SAfridiOfficial) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাঁছীত জন্মগ্ৰহণ কৰা ধোনীয়ে অবিভক্ত বিহাৰৰ পৰা ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল ৷ তেওঁ ঘৰুৱা ক্ৰিকেটত বিহাৰ, পূৱ জ'ন আৰু ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিছিল ৷ 39 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে 131 খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰি 36.84 গড়েৰে 7,038 ৰাণ সংগ্ৰহ কৰিছিল ৷

উল্লেখ্য যে, 2004 চনত ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া মেচত আত্মপ্ৰকাশ ঘটাইছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় ক্ৰিকেটত এক নতুন যুগৰ সূচনা হৈছিল ৷ নিজৰ শান্ত স্বভাৱ, নেতৃত্ব প্ৰদানকাৰী গুণ আৰু কঠিন প্ৰত্যাহ্বানক সহজে নেওচি মেচ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল দূৰ্দান্ত ক্ৰিকেটাৰগৰাকীয়ে ৷

Dhoni announced retirement
ধোনীৰ ক্ৰিকেট কেৰিয়াৰ

বিশ্ব ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হৈছে এম. এছ. ধোনী ৷ তেওঁৰ নেতৃত্বতে ভাৰতে 2011 চনত আইচিচি ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে 2009 চনত তেওঁৰ নেতৃত্বতে ভাৰতে দক্ষিণ আফ্ৰিকাত টি-20 বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

ইংলেণ্ডত ভাৰতে 2013 চনত আইচিচি চেম্পিয়নছ ট্ৰফী দখল কৰাত ধোনী আইচিচি ট্ৰফীৰ সকলো ফৰমেটত দেশক জয়ৰ সোৱাদ দিয়া প্ৰথম আৰু একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হয় আৰু এই অভিলেখ বৰ্তমান পৰ্যন্ত কোনেও ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷

কেৱল সীমিত অ'ভাৰতে নহয়, তেওঁৰ নেতৃত্বতে ভাৰতে 2009 চনত টেষ্ট ক্ৰিকেটত বিশ্বৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰোপৰি ভাৰতীয় দলটোৱে 600 দিনতকৈ অধিক দিনৰ বাবে শীৰ্ষ স্থান দখল কৰিছিল ৷

তেওঁৰ নেতৃত্বত ভাৰতে 21 খন ঘৰুৱা টেষ্ট মেচত অপৰাজিত হৈ ৰৈছিল ৷ এয়া আছিল ভাৰতীয় অধিনায়ক হিচাপে ধোনীৰ অন্যতম অভিলেখ ৷ ইয়াৰোপৰি অধিনায়ক হিচাপে 332 খন মেচত নেতৃত্ব প্ৰদান কৰিও অভিলেখ স্থাপন কৰিছিল তেওঁ ৷

উইকেটৰ পাচফালেও কীপাৰ হিচাপে দূৰন্ত গতিৰ অধিকাৰী ধোনীৰ দখলত আছে 195 টা আন্তৰাষ্ট্ৰীয় ষ্টাম্পিং ৷ এয়া উইকেট কীপাৰ হিচাপেও তেওঁৰ অন্য এক অভিলেখ ৷

কেৰিয়াৰৰ অন্তিম সময়লৈকে তেওঁ 350 খন এদিনীয়াত অংশগ্ৰহণ কৰি 10,773 ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে, তেওঁৰ সৰ্বাধিক স্কৰ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত 183 ৰাণ ৷ 98 খন টি-20 ত তেওঁ 37.60 গড়েৰে সংগ্ৰহ কৰিছে 1,617 ৰাণ ৷

'কেপ্টেইন কুল' হিচাপে খ্যাত ধোনীৰ ৰিভিউ চিষ্টেম সম্পৰ্কত থকা দখলৰ বাবে 'Decision-Review System's' ক 'Dhoni-Review System' হিচাপে নামাকৰণ কৰিবলৈও বহু লোকে খুহুতীয়া মন্তব্য আগবঢ়াইছিল ৷

2014 চনৰ ডিচেম্বৰত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি ঋধিমান সাহাক তেওঁৰ স্থানত সুযোগ প্ৰদান কৰিছিল ৷

90 খন টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰি ধোনীয়ে 38.09 গড়েৰে সংগ্ৰহ কৰিছে 4876 ৰাণ ৷ 2017 চনত 50 অ'ভাৰৰ মেচত তেওঁ অধিনায়কৰ গধুৰ দায়িত্ব বিৰাট কোহলীক প্ৰদান কৰে ৷

আইপিএলত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ অপেনিং মেচৰ জৰিয়তে 29 মাৰ্চত ধোনীয়ে ক্ৰিকেটৰ পথাৰলৈ উভতাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে আইপিএল স্থগিত ৰাখিব লগা হয় ৷ আইপিএলৰ বাবে 19 ছেপ্টেম্বৰৰ পৰা নতুন দিন ধাৰ্য কৰা হৈছে ৷ আৰৱ গণৰাজ্যত অনুষ্ঠিত হ'বলগা আইপিএলত তেওঁ চেন্নাই দলক নেতৃত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক : ধোনীৰ বাবে বিদায়ী মেচ অনুষ্ঠিত কৰিবলৈ বিচিচিআইক অনুৰোধ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.